সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী

0 6

ঐতিহাসিক অসম আন্দোলনৰ পৰিসমাপ্তিত জন্ম লাভ কৰা অসমৰ সৰ্ববৃহত আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উলহ মালহেৰে দলৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।গুৱাহাটীৰ এ টি ৰোডত অৱস্থিত মহানগৰ সমিতিৰ কাৰ্যালয়ত ৰাতিপুৱা পতাকা উত্তোলন কৰে সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। স্বহীদ তৰ্পন কাৰ্যসূচী তথা সতীৰ্থ সোঁৱৰণ কাৰ্যসূচী মুকলি কৰে সাধাৰণ সম্পাদক মনোজ শইকীয়া আৰু সুনীল ডেকাই । মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত মহানগৰীৰ কেইবাজনো দলটোৰ জেষ্ঠ্য সদস্য তথা শুভাকাঙ্খীক সম্বৰ্দ্ধনা জনোৱা হয় ।মুকলি সভাত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,মনোজ শইকীয়া,সুনীল ডেকা,উপসভাপতি নুৰুল হুছেইন, সম্পাদক কিশোৰ দেউৰী,প্ৰিন্স ফাইজুল হক,সুভাষ শৰ্মা, নিপা ফুকন, মুকুল বৰা,পিজু ডেকা, কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি হৃষিকেশ শৰ্মা , শ্রম পৰিষদৰ সাধাৰণ সম্পাদক লাচিত ৰাজবংশী, মহিলা পৰিষদ সাধাৰণ সম্পাদিকা কনিকা বৰুৱা,পাৰিষদ দিপাঙ্কৰ বৈশ্য, মহিলা পৰিষদ আৰু যুৱ পৰিষদৰ মহানগৰ সমিতিৰ বিষয়ববীয়াসকল, নিউ গুৱাহাটী, মধ্য গুৱাহাটী,জালুকবাৰী আৰু দিশপুৰ সমষ্টি সমিতিৰ সভাপতি, সম্পাদক আৰু সদস্য সকল উপস্থিত থাকে ।এই অনুষ্ঠানত দলটোৰ প্ৰতি গৰাকী সদস্যই এখন সুৰক্ষিত আৰু শক্তিশালী অসমৰ বাবে সংকল্প গ্ৰহণ কৰে ।সন্ধিয়া বন্তি প্ৰজ্বলন কৰি দলৰ কায্যালয় আলোকিত কৰে ।

Leave A Reply

Your email address will not be published.