টপচেম চিমেণ্টৰ সামাজিক দায়বদ্ধতাৰ নিদৰ্শন; ষষ্ঠ বাৰ্ষিক বিদ্যালয় শিক্ষণ সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ অধীনত ৬০০ৰো অধিক শিশুৰ মাজত বিতৰণ কৰিলে শিক্ষণ সামগ্ৰী
সমাজৰ উন্নয়ন আৰু শিক্ষাৰ সবলীকৰণৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ প্ৰতিপন্ন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে অসমৰ কামৰূপ (মহানগৰ), কামৰূপ আৰু ওদালগুৰি জিলাত, আজি সফলতাৰে ষষ্ঠ বাৰ্ষিক বিদ্যালয় শিক্ষণ সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ লগতে বিশেষভাৱে সক্ষম শিশুক সামৰি ৬০০ৰো অধিক শিশু উপকৃত হয়।
এই পদক্ষেপৰ অংশ হিচাপে টপচেম চিমেণ্টে গুৱাহাটীস্থিত ‘উৎসাহ চাইল্ড ৰাইটছ অৰ্গেনাইজেশ্যন’-ৰ সহযোগত অঞ্চলটোৰ ১২খন বিদ্যালয় আৰু শিশু যত্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ হাতত ৪,৫০০খন বহী, ৬,০০০টা কলম, ৬,০০০ডাল পেঞ্চিল, ৬,০০০ডাল ৰবৰ আৰু ৬,০০০টা পেঞ্চিল জোঙা কৰা সঁজুলি (ছাৰ্পনাৰ)কে ধৰি অত্যাৱশ্যকীয় শিক্ষণ সামগ্ৰী বিতৰণ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিশুসকলক প্ৰয়োজনীয় শিক্ষণ সামগ্ৰী প্ৰদান কৰি তেওঁলোকক আত্মবিশ্বাস আৰু মৰ্যাদাসহকাৰে শিক্ষা গ্ৰহণৰ যাত্ৰাত সাহস দিয়া।
এই কাৰ্যসূচীৰ জৰিয়তে উপকৃত হোৱা প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে – জালুকবাৰীৰ অসম শিশু কল্যাণ সদন; জালুকবাৰীৰ চিল্ড্ৰেন হোম ফৰ গাৰ্লছ; কাহিলীপাৰাৰ ছেভেন ছিষ্টাৰছ হোম; বকোৰ শিশু পৰ্যবেক্ষণ গৃহ; বামুণীমৈদামৰ উৎসাহ শিক্ষা/কমিউনিটি চেণ্টাৰ; কল্যাণী নিৱাস; ৰূপনগৰৰ চিল্ড্ৰেন হোম ফৰ গাৰ্লছ; ৰূপনগৰৰ আশানীড় গৃহ; ছয়মাইলৰ কস্তুৰী শিশু যত্ন গৃহ; জয়ানগৰৰ স্নেহ বন্ধন; ফটাশিলৰ চিল্ড্ৰেন হোম ফৰ বয়জ; বিজয়নগৰৰ সাৰথি স্কুল ফৰ চিল্ড্ৰেন আৰু ওদালগুৰিৰ গ্ৰামীণ বিকাশ মেৰিট একাডেমী।
এই উপলক্ষে ভাষণ আগবঢ়াই মেঘালয় চিমেণ্টছ লিমিটেডৰ ছিনিয়ৰ প্ৰেচিডেন্ট ড° অনিল কাপুৰে কয়, “টপচেম চিমেণ্টত আমি বিশ্বাস কৰোঁ যে সমাজৰ উন্নতিৰ বাবে অৱদান আগবঢ়োৱাটো আমাৰ দায়িত্বৰ এক অবিচ্ছেদ্য অংশ। শিশুৰ ভৱিষ্যৎ গঢ়ি তোলাত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই পদক্ষেপৰ জৰিয়তে আমি কণ কণ শিক্ষাৰ্থীসকলক অত্যাৱশ্যকীয় শিক্ষণ সামগ্ৰী প্ৰদান কৰাৰ লক্ষ্য লৈছোঁ, যাৰ জৰিয়তে তেওঁলোকৰ শৈক্ষিক যাত্ৰাত সহায় হ’ব। আমাৰ এই ক্ষুদ্ৰ অৱদানে তেওঁলোকক আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে নিজৰ সপোন পূৰণৰ দিশত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰিছোঁ।”
এই পদক্ষেপৰ দ্বাৰা উপকৃত শিক্ষা প্ৰতিষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰতিনিধিসকলে এই পদক্ষেপৰ শলাগ লৈ কয় যে সময়মতে শিক্ষণ সামগ্ৰী বিতৰণে শ্ৰেণীকোঠাৰ শিক্ষা গ্ৰহণত সহায় কৰাৰ লগতে আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহৰ আৰ্থিক বোজা কিছু পৰিমাণে লাঘৱ কৰিব।
২০২১ চনত আৰম্ভ হোৱা টপচেম চিমেণ্টৰ বাৰ্ষিক বিদ্যালয় শিক্ষণ সামগ্ৰী বিতৰণ কাৰ্যসূচী কোম্পানীটোৰ অন্যতম গুৰুত্বপূৰ্ণ সমাজ কল্যাণমূলক পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বিগত বছৰসমূহত এই কাৰ্যসূচীৰ জৰিয়তে অঞ্চলটোৰ ৪,০০০ৰো অধিক শিশুক সামৰি লোৱা হৈছে। এই পদক্ষেপে শিক্ষা, সমঅধিকাৰ আৰু সমমৰ্যাদাৰ সুযোগ প্ৰসাৰৰ প্ৰতি কোম্পানীটোৰ নিৰন্তৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।
এই পদক্ষেপসমূহৰ জৰিয়তে টপচেম চিমেণ্টে স্থানীয় লোকৰ সৈতে নিজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি এখন অধিক অন্তৰ্ভুক্তিমূলক আৰু সবল সমাজ গঢ়ি তোলাত অৰিহণা যোগাই আহিছে। কোম্পানীটোৱে শিক্ষা আৰু সমাজৰ উন্নয়নৰ জৰিয়তে নিজৰ সমাজ কল্যাণমূলক পদক্ষেপসমূহ সম্প্ৰসাৰিত কৰি অৰ্থপূৰ্ণ আৰু দীৰ্ঘম্যাদী প্ৰভাৱ সৃষ্টি কৰিবলৈ দায়বদ্ধ।