সমগ্ৰ দেশৰ লগতে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেশ্যনৰ আন্তৰিক সহযোগত দ্বিতীয় বাৰ্ষিক আন্ত:সংবাদ মাধ্যম কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক-সাহিত্যিক তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে কুইজ প্ৰতিযোগিতা উদ্বোধন কৰাৰ লগতে এইবাৰৰ প্ৰেছ দিৱসৰ মুখ্য বিষয় ‘Journalism: Populist or Responsible’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে । নিজৰ বক্তৃতাত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উল্লেখ কৰে যে,’বৰ্তমান সময়ত প্ৰশ্ন কৰাটো অত্যন্ত দৰকাৰী হৈ পৰিছে। কাৰণ সাংবাদিকে যদি প্ৰশ্ন নকৰে বা প্ৰশ্ন কৰিবলৈ নিশিকে তেন্তে সাংবাদিকতাৰ লগতে সভ্যতাও আগ নাবাঢ়িব। প্ৰশ্ন কৰিছে বাবেই আজিৰ সভ্যতা আগবাঢ়িছে।’ সাম্প্ৰতিক সময়ত দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ভূমিকাক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। তেখেতৰ মতে, ‘বৰ্তমান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতকৈ আঞ্চলিক সংবাদ মাধ্যম এতিয়াও যথেষ্ট স্বাধীন আৰু শক্তিশালী হৈ আছে।’ নিজৰ বক্তব্যত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে গুৱাহাটী প্ৰেছ ক্লাবে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহক ভূয়সী প্ৰশংসা কৰি বিষয়ববীয়াসকলক শুভেচ্ছা জ্ঞাপন কৰে। ইফালে বিগত বৰ্ষৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাবে অনুষ্ঠিত কৰে আন্তঃ সংবাদ মাধ্যম কুইজ প্ৰতিযোগিতা। কুইজ পৰিচালক দীপাংকৰ কৌশিকে পৰিচালনা কৰা প্ৰতিযোগিতাত মুঠ ৯টা দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে আকাশবাণী গুৱাহাটীৰ অংকুৰজ্যোতি শৰ্মা আৰু ঝৰণা ভৰালীৰ দলে। দ্বিতীয় স্থান লাভ কৰে প্ৰতিদিন টাইমৰ দিব্যেন্দু চক্ৰৱৰ্তী, মানসী দত্ত আৰু পংকজ বৰাৰ দলে। তৃতীয় স্থান লাভ কৰে নিউজ১৮ অসম নৰ্থইষ্টৰ শুভম গোস্বামী, মৃদুপৱন বৰা আৰু দীপাংকৰ দত্তৰ দলে। চতুৰ্থ স্থান দখল কৰে আকাশবাণী গুৱাহাটীৰ ইন্দ্ৰজিৎ দাস, নিভাৰাণী ৰয় আৰু দেৱাশিস ৰাজকুমাৰৰ দলে। পঞ্চম স্থান লাভ কৰে প্ৰাগ নিউজৰ ৰাজকমল চাংকাকতি আৰু দীপাংকৰ শইকীয়াৰ দলে। ষষ্ঠ স্থান লাভ কৰে ইণ্ডিয়া টুডে এন ই সুনীল বৰা আৰু বিজয় কাননৰ দলে। বঁটা বিতৰণি সভাত উপস্থিত থাকে পি আই বিৰ উত্তৰ-পূবৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপা শংকৰ যাদৱ, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, ইশান নিউজৰ মুখ্য সম্পাদক সুশীল কুমাৰ পাটোৱাৰী আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা। অনুষ্ঠানটোৰ আঁত ধৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই। উল্লেখ্য যে, কুইজ প্ৰতিযোগিতাৰ প্ৰাইজমানিসমূহ আগবঢ়াই ইনলি ফাউণ্ডেশ্যনে। আগন্তুক বৰ্ষতো প্ৰেছ ক্লাবে অনুষ্ঠিত কৰিবলগীয়া আন্তঃ সংবাদ মাধ্যম কুইজ প্ৰতিযোগিতাত ইনলি ফাউণ্ডেশ্যনে সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰে।
Trending
- ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত আন্তঃ সংবাদ মাধ্যম কুইজ প্ৰতিযোগিতা
- মুম্বাইৰ মজিয়াত জিলিকিল উত্তৰ-পূব- অসমৰ ড° যোগেশ দেউৰীলৈ নমস্তে জীৱনজোৰা সাধনা বঁটা
- আদিংগিৰি সেৱা ভাৰতীত মুকলি হকী প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- NSE Enhances Digital Experience for Investors and Trading Members with New Features Across Web and Mobile Platforms
- ভাৰত চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষণ বঁটাৰে সন্মানিত গুৱাহাটী
- NSE Celebrates Diwali with Traditional Lakshmi Pujan and Muhurat Trading Ceremony
- মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১১খন জিলাত ড্ৰাই ডে ঘোষণা
- তুৰাত ৫০ সংখ্যক পৰম্পৰাগত ‘ৱাংগালা মহোৎসৱ
- NSE Electronic Gold Receipts (EGRs) Witnesses Record Trading Volumes on the occasion of Dhanteras
- বাৰে ৰহণীয়া কাৰ্যসূচীৰে আই এ এছ এছ টিৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন