গুৱাহাটীত ষ্টাৰ্টআপ -২০২৩ফেষ্ট

0 164

ৰাজ্যৰ ষ্টাৰ্টআপ সমূহক উৎসাহিত কৰাৰ লগতে ব্যৱসায় সম্প্ৰসাৰণত সহায় কৰাৰ উদ্দেশ্যে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত অহা ২৩ আগষ্টৰ পৰা ২৫ আগষ্ট লৈ গুৱাহাটীৰ আমবাৰী স্হিত ষ্টাৰ্টআপ নেষ্টত অসম ষ্টাৰ্টআপ ফেষ্ট-২০২৩ অনুষ্ঠিত হ’ব।

কালি আমবাৰীৰ ষ্টাৰ্টআপ নেষ্টত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰী কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই কয় যে ৰাজ্যৰ সকলো ষ্টাৰ্টআপকে একগোট কৰি তেওলোকৰ সেৱা সমূহ তথা সৃজনশীল উদ্ভাৱন বোৰৰ প্ৰদৰ্শনৰ ব্যবস্থাৰ লগতে দেশৰ অন্য ৰাজ্যৰ অগ্রণী ষ্টাৰ্টআপৰ সমূহৰে মত বিনিময়ৰ জৰিয়তে ব্যৱসায়িক সম্প্ৰসাৰণত সহায় কৰাই এই ষ্টাৰ্টআপ ফেষ্ট-২০২৩ ৰ মূল উদ্দেশ্য।ৰাজ্যৰ ৩৫টা ষ্টাৰ্টআপে প্ৰত্যক্ষ ভাৱে প্ৰদৰ্শনীত অংশগ্রহণৰ লগতে মুঠ ১৫০টা ষ্টাৰ্টআপে অন্য ধৰণে ইয়াত অংশগ্রহণ কৰিব।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্ম নিৰ্ভৰ ভাৰত নীতিক সাৰোগত কৰি ষ্টাৰ্টআপ সমূহক উদ্গনি যোগোৱাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি অৱগত কৰি মন্ত্রী বড়াই ৰাজ্যৰ উদ্যমী সকলক উৎসাহিত কৰাৰ বাবে ভাষণ প্ৰদানৰ বাবে বেটাৰ প্লেচ ইণ্ডিয়াৰ চি ই অ’ প্ৰবীণ আগৰৱালা, দেশৰ এগৰাকী আগশাৰীৰ ষ্টাৰ্টআপ গুৰু টিএন হৰি আৰু আগশাৰীৰ বিনিয়োগ কাৰী হৰিবালা সুব্ৰমনিয়ামক আমন্ত্রণ কৰা বুলিও জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.