অম্বুবাচীৰ দ্বিতীয় দিনা

অম্বুবাচীৰ দ্বিতীয় দিনা

IMG-20170623-WA0037

আজি অম্বুবাচীৰ দ্বিতীয় দিন। দ্বিতীয় দিনৰ দিনা নীলাচলৰ পাহাৰৰ কামাখ্যা ধামত দেশী বিদেশী অসংখ্য পৰ্যটক আগমন হোৱা দেখা গ’ল। আজি প্ৰায় ৩ লাখৰো অধিক ভক্ত আগমন হোৱা দেখা গৈছে। সেয়েহে কামাখ্যা ধামত লোকে লোকাৰণ্য হোৱা পৰিলক্ষিত হৈছে। খবৰ সংগ্ৰহৰ অৰ্থে আমি ৰাওনা হৈছিলো এক সাংবাদিকৰ দলৰ লগত। ইমানেই ভক্তৰ আগমন হৈছিল প্ৰশাসনে নিয়ন্ত্ৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। জানিব পৰা মতে কামাখ্যাৰ পুজাৰ পদ্ধতিটো জনজাতীয় পুজাৰ পদ্ধতিৰ লগত কিছু মিল আছে। এক প্ৰবাদ মতে এই কেইদিন দেৱী জিৰণিত থাকে। ৩৩ কোটি দেৱতা ধামত এই সময়ত অৱস্থান গ্ৰহণ কৰে সেয়েহে সন্ত, সাধু তথা ভক্ত একান্তমনে সিদ্ধি লাভৰ বাবে সাধনাত লিপ্ত হয়। প্ৰবাদমতে এই সময়ত সাধনা কৰিলে দেবীয়ে অতি সহজতে সিদ্ধিৰ পথ দৰ্শন কৰাই দিয়ে।

uyi

অম্বুবাচীৰ উপলক্ষ্যে কামাখ্যা ধামত আছে পশ্চিমবংগৰ বাউল শিল্পী পাপিয়া দাস। প্ৰাপ্ততথ্যমতে তন্ত্ৰ বিদ্যাৰ ওপৰত চৰ্চা আৰম্ভ কৰিছে। যাৰ বাবে ৰাষ্ট্ৰীয় এক সংবাদ মাধ্যমে তেখেতৰ এক তথ্যচিত্ৰ নিৰ্মাণ কৰিছে।

IMG-20170623-WA0040

আনহাতে কামাখ্যাৰ বুৰঞ্জী আৰু বৰ্ত্তমানৰ স্থিতিৰ ওপৰত চিত্ৰশিল্পীৰ কাম চলি আছে। অপুৰাজ বৰুৱাই ইয়াৰ নেতৃত্ব বহন কৰিছে। জানিব পৰা মতে অহা দেওবাৰে চিত্ৰশিল্পী সমূহ প্ৰদৰ্শিত হ’ব।

এয়া আছিল অম্বুবাচীৰ দ্বিতীয় দিনা খবৰ। অধিক খবৰৰ বাবে চাই থাকিব www.nefocus.com

Comments (0)
Add Comment