ঐতিহ্য বহন কৰিছে দুগ্ধনাথ পাহাৰে

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নামনি অসমত স্থাপত্য ভাস্কৰ্য্যৰ নিদৰ্শন পোৱা যায় যোগীঘোপাৰ দুগ্ধনাথ পাহাৰত। ইতিহাস প্ৰসিদ্ধ যোগীঘোপা বঙাইগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত।ব্ৰহ্মপুত্ৰৰ পাৰতেই আছে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ দুগ্ধনাথ পাহাৰ।
 
 
বিখ্যাত অজন্তা ইলোৰাৰ সদৃশ অপূৰ্ব শৈল ভাস্কৰ্যৰে কেইবাটাও গুহা বা ঘোপাৰে পৰিবেষ্টিত দুগ্ধনাথ পাহাৰ বৰ্তমান অসমৰ এক উল্লেখযোগ্য পৰ্যটন স্থলী । ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নৰনাৰায়ণ সেতুৰ পৰা প্ৰায় ১কি মিটাৰ পূৰ্বে থকা এই গুহাকেইটাই ব্ৰহ্মপুত্ৰৰ বালিচৰৰ কাষত এক দৃষ্টিনন্দন দৃশ্যৰ সৃষ্টি কৰিছে।যাৰ বাবে সেই ঠাইলৈ বহুতো দৰ্শনাৰ্থী তথা বনভোজকাৰী দলে ভিৰ কৰা পৰিলক্ষিত হয়।
 
পুৰণি আখ্যান মতে প্ৰায় ৬৫৫ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দৰ ভিতৰত প্ৰকাণ্ড শিলত খোদিত হৈছিল ইতিহাস প্ৰসিদ্ধ পাঁচটাকৈ গুহা বা ঘোপা । উল্লেখ্য যে এই গুহা বা ঘোপা সমূহত প্ৰাচীন কালত ঋষি -মুনি সকলে তপস্যা কৰাৰ বাবেই এই অঞ্চলটোৰ নাম যোগীঘোপা হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। আনফালে কাৰিকৰী দিশৰ পৰা গুহাসমূহ অজন্তা আৰু ইলোৰাৰ লগত সাদৃশ্য আছে।
 
এই দুগ্ধনাথ পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰ বালিচৰ সমূহ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নৰনাৰায়ণ সেতুৰ নয়নাভিৰাম দৃশ্য প্ৰত্যক্ষ কৰিব পাৰি।
অজন্তা-ইলোৰা সদৃশ এই গুহা সমূহ ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ  বিভাগে সংৰক্ষণৰ ব্যৱস্থা কৰি দৰ্শনাৰ্থীৰ সুবিধাৰ্থে পাহাৰৰ চূড়ালৈ যাব পৰাকৈ ছিৰি বনাই দিয়ে। ঠায়ে ঠায়ে জিৰণি লোৱাৰ ব্যৱস্থা কৰি দিছে বিভাগটোৱে । পাহাৰৰ ওপৰৰ পৰা লক্ষ্য কৰিলে বৰ্তমান অৱস্থাত ব্ৰহ্মপুত্ৰৰ পানী শুকাই সৃষ্টি কৰা বালিৰ চৰ সমূহৰ নান্দনিক দৃশ্যই দৰ্শনাৰ্থীৰ মন মুহিবলৈ সক্ষম হৈছে।
খবৰ যুগুতালে অভয়াপুৰীৰ পৰা প্ৰাণজিৎ চৌহানে..

Comments (0)
Add Comment