এখন সুন্দৰ পৰ্যটনস্থলী

মনোমোহা প্ৰাকৃতিক পৰিবেশেৰে ভৰপুৰ এখন ঠাই। য’ত নানাৰঙী পখিলা, চৰায়ে ৰঙৰ মেলা পাতে। সমান্তৰালভাবে চাৰিও পিনে থকা পাহাৰ, নদ-নদীয়ে বছৰি পৰ্যটকক মনোৰঞ্জনৰ খোৰাক যোগাবলৈ সক্ষম হৈছে। এয়া কোনো বিদেশ অথবা বহিঃ ৰাজ্যৰ পৰ্যটন স্থলী নহয়। আমাৰ অসমৰে বাক্সা জিলাৰ বগামাটি।

বগামাটি নামটো যিমানেই শুনিবলৈ শুৱলা, ঠিক সেইদৰে বগামাটিৰ পৰ্যটনস্থলীও খুবেই মনোমোহা খুবেই সুন্দৰ। ২০০৬ চনতে শিখৰ এডভান্সৰ ক্লাবে সমীক্ষা চলাই ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া বগামাটিত বছৰি বহু পৰ্যটকৰ সমাগম হয়। বিশেষকৈ জুন জুলাইত আৰু আগষ্ট মাহত বগামাটিত পৰ্যটকেৰে ভৰি পৰে। বগামাটি পৰ্যটনস্থলীৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্বতাৰোহী জুলিমা ডেকা আৰু পূৰ্ণ ডেকাৰ উদ্যোগত ২০১৫ চনত প্ৰতিষ্ঠা হৈছিল গ্ৰীণটেক এণ্ড এডভাঞ্চৰ শীৰ্ষক দু: সাহসিক ক্ৰীড়াৰ এক অনুষ্ঠান। অনুষ্ঠানটোৰ সম্পৰ্কে জুলিমা ডেকাই এনেদৰে কয় গোৰেশ্বৰ অঞ্চলৰ যুৱক -যুৱতী সকলৰ সংস্হাপন আৰু অৰ্থনৈতিক দিশৰ প্ৰতি লক্ষ্য ৰাখি এনে এটা অনুষ্ঠানৰ আৰম্ভ কৰো।

অনুষ্ঠান আৰম্ভ কৰাৰ ক্ষেত্রত গোৰেশ্বৰ মহৰিপাৰাৰ চেণ্ট্ৰল বেংক অৱ ইণ্ডিয়া আৰু আছাম টুৰিজিম ডেভলেপমেণ্ট কৰ’পাৰেশ্বনে সহায় কৰে। ৰাফটিং,জাংগল ট্ৰেকিং,মংকি ক্ৰাউলিং,বাৰ্ড ৱাটচিং আৰু ন-কৈ পেৰাচেইলিং আৰু ৱাটাৰ ৰোলাৰৰ ব্যৱস্থা কৰা হৈছে। পেৰাচেইলিংৰ জৰিয়তে জীপগাড়ীৰে পেৰাচুটত উঠাৰ সুযোগ লাভ কৰা বিপৰীতে ৱাটাৰ ৰোলাৰ জৰিয়তে বেলুনৰ ভিতৰত সোমাই একেলগে কেইবাজনো ব্যক্তিয়ে পানীত খোজ কাঢ়িব পাৰিব।

উল্লেখযোগ্য যে ৱাটাৰৰোলাৰ এক আমোদ জনক খেল। জানিব পৰা মতে পৰ্যটক সকলে নুন্যতম ৩০০০ টকা ব্যয় কৰি বগামাটিৰ খেলত অংশ ল’ব পাৰিব। ইচ্ছুক সকলে সবিশেষ জানিবলৈ জুলিমা ডেকাৰ ৯৯৫৭৮ ১৯৭৩৬ আৰু ৯৬৭৮৪ ৪১০৪৮ নম্বৰত যোগাযোগ কৰিব পাৰে।






Comments (0)
Add Comment