কাইফ’লাংছে ৰিঙিয়াই

শীতৰ বতৰ মানে বনভোজৰ বতৰ। ৰ’দত বহি মুকলিকৈ এসাঁজ খোৱাৰ বতৰ। সেয়েহে ডিচেম্বৰ মাহৰ পৰা বনভোজ খোৱা পৰ্ব আৰম্ভ হয়। আজি আপোনালোকক এনে এখন বনভোজ স্থলীৰ বিষয়ে জনাব বিচাৰিছো, যিখন বনভোজ স্থলীত যোৱা বছৰৰ পৰাহে অসংখ্য পৰ্যটকৰ সমাগম হৈছে, পৰ্যটকে জানিব পাৰিছে।

বোকাখাত চহৰৰ পৰা ১০ কি:মিটাৰ নিলগত গোলাঘাট জিলা আৰু কাৰ্বি আলং সীমান্তত থকা এখন ঠাই নাম কাকজান‌। এই কাকজানত অৱস্থিত কাইফ’লাংছ নামৰ জলপ্ৰপাতটো চাবলৈ অসংখ্য পৰ্যটকৰ সমাগম হয়। উল্লেখযোগ্য যে কাকজান জলপ্ৰপাতটো কাৰ্বি ভাষাত কাইফ’লাংছ নামেৰে জনা যায়। প্ৰায় ৩০০ ফুট উচ্চতাৰ পৰা বৈ অহা জলপ্ৰপাত চাবলৈ হ’লে ৮ ঠাইত জুৰি অতিক্ৰম কৰি যাব লাগিব। অৰ্থাৎ প্ৰায় ডেৰ কি:মি: খোজ কাঢ়ি যাব লাগিব। পৰ্যটকে মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি কাইফ’লাংছতে বনভোজ খায়। স্থানীয়ভাবে হোটেলত উপলব্ধ চুঙা ভাত আৰু চুঙাত বনোৱা গাহৰিৰ মাংস পৰ্যটক সকলক আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু।

এই সমগ্ৰ অঞ্চলটো পৰিস্কাৰ তথা চোৱাচিতা কৰাৰ বাবে স্থানীয়ভাবে ৪ গৰাকীকৈ মহিলা নিয়োজিত হৈ আছে। ৰাস্তা ঘাট সুচল। পৰ্যটকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ল’জ (থকাৰ বাবে) গঢ় লৈ উঠিছে। ইচ্ছুক পৰ্যটকে বোকাখাতৰ বনবিভাগৰ কাৰ্য্যালয়ৰ সমীপৰ পৰা জীপ, চাফাৰী লৈ পৰ্যটন স্থলীখন ভ্ৰমণ কৰি আহিব পাৰে।

প্ৰিয় পাঠক, এনে ধৰণৰ পৰ্যটন ক্ষেত্ৰৰ বিষয়ে অধিক জানিবলৈ লগ ইন কৰিবলৈ নাপাহৰিব www.nefocus.com

সহযোগ কৰিলে বোকাখাতৰ- দিব্যজ্যোতি হাজৰিকাই

Comments (0)
Add Comment