নাককাটি- এক অন্য পৃথিৱী

পৰ্যটন ক্ষেত্ৰত কোনো গুনেই কম নহয় আমাৰ অসমখন। জানি সুখী হ’ব যে আমাৰ অসমটো আমেৰিকা, নৰৱে দৰে প্ৰাকৃতিক সৌন্দৰ্যৰ সমাহাৰ থকা স্থান আছে। হয়, এচটা  শিলক লৈ পৰ্যটক সকলৰ দৃষ্টি আৰ্কষণৰ কেন্দ্ৰ নাককাটি। নাককাটি নামৰ লগত এচটাশিল, এখন পাহাৰ আৰু এডাল গছ সদৃশ লতাও জড়িত হৈ আছে। পাহাৰৰ শীৰ্ষ স্থানত প্ৰাকৃতিকভাৱে আনুভূমিক দিশত প্ৰায় ২ মিটাৰ ব্যাসাৰ্ধত এই বিশেষ শিলচটা আছে। যি চটা চেপেটা শিলত পানী থকা কথা জনা যায়।

এই নাককাটি নামৰ লগত বহুতো লোক কাহিনী জড়িত হৈ আছে, বহুতো প্ৰবাদ জড়িত হৈ আছে। সেই প্ৰবাদ অথবা লোক কাহিনীৰ সত্যতা কিমান দুৰ যুক্তি সংগত আজি বিচাৰ কথা সম্ভৱ নহয়, যদিও ১৮০০ শতিকাৰ পৰা ধৰ্মীয় বিশ্বাস অনুসৰি শিল চটাক পুজা অৰ্চনা কৰিলে মনৰ কামনা সিদ্ধি হয় বুলি এক নীতি আজিও প্ৰচলিত। পিছে বৰ্ত্তমান সময়ত কোনো বিশেষ দিনটো তেহে পৰ্যটকে নাককাটিত ভিৰ কৰা পৰিলক্ষিত হয়।

এই বিশেষ শিলটো চাবলৈ যোৱাৰ বাটপথ সিমান সুগম নহয়। ইয়াৰ বাবে আপোনাক লাগিব প্ৰচুৰ মনোবল, মানসিক শক্তি। কাৰণ কেইখনমান পাহাৰ অতিক্ৰমীহে এই ঠাই পাব পাৰি। যাত্ৰা পথত সৰু বৰ নদী ২ খন, পথাৰ, নিজৰা আৰু পাহাৰ অতিক্ৰম কৰিব লাগিব।

ইচ্ছুক পৰ্যটক সকলে বঙাইগাও জিলাৰ বইটামাৰী হৈ দেৱানগাও পাৰ হৈ নাককাটি পাব পাৰে। বঙাইগাওৰ পৰা এই ঠাইৰ দুৰত্ব ১২ কি মিটাৰ আনহাতে গুৱাহাটীৰ প্ৰায় ২০০ কি মিটাৰ।

প্ৰিয় পাঠক, এই ঠাইৰ দৃশ্যৰ সুধা প্ৰাণ কৰিবলৈ হ’লে পদপথ অথবা খোজ কঢ়াৰ বাহিৰে অন্য সুবিধা নাই। এনে ধৰণৰ ন ন ঠাইৰ পৰ্যটনৰ বিষয়ে পৰৰ্ৱত্তী শিতানত আৰু প্ৰকাশ কৰা হ’ব। তাৰ বাবে চাই থাকিব www.nefocus.com

Comments (2)
Add Comment
  • Khandakar Asifa Yasmin

    Waw nice to see the place. I am so proud of nefocus. Our Assam is a very beautifull place but maximum people dnt know about this. And now the nefocus is a very usefull side for us. Thank u nefocus..

  • কিৰণ কুমাৰ গগৈ,কাৰ্যবাহী সম্পাদক,আমি অসমৰ জনগন

    অসমৰ প্ৰতিজন ব্যক্তিয়ে পদপথেৰে যাত্ৰাৰ মাদকতা লওক…