আয়াংয়ে পোহৰ বিলাইছে গোগামুখত


 
 
এজন সঁচা উদ্যমীয়ে জীৱনত কেতিয়াও হাৰ নামানে। হাৰ নামানে পৰিবেশ, পৰিস্থিতিৰ ওচৰত। বৰঞ্চ বিভিন্ন সময়ত পৰিস্থিতিৰ লগত খাপ খাব পৰাকৈ নিজকে গঢ় দি লয়, আৰু তেনেকৈয়ে সমাজৰ বাবে কিবা এটা বিশেষ কৰাৰ প্ৰয়াস কৰে।
 

হয়, আজি আপোনালোকক পৰিচয় কৰি দিব ওলাইছো, এনে এজন ব্যক্তি, যিজন ব্যক্তিয়ে, ছাত্ত মদক আৰু মত্ৰৈয় গোস্বামীৰ সহযোগত মিচিং জনজাতি অধ্যুষিত অঞ্চলত গৈ তেঁওলোকৰ আৰ্থিক সবলতাৰ বাবে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে।
 
 

তেখেত ভাৰ্গৱ কোঁৱৰ। ঘৰ গুৱাহাটীৰ দক্ষিণ শৰণীয়াত। তেখেতে গুৱাহাটীৰ পৰা গোগামুখৰ প্ৰতিস্থানৰ কাম কাজ চোৱাচিতা কৰে। এবাৰ তেখেতে Rural Survey Software Training বাবে গোগামুখত আহিছিল। তেতিয়া কোঁৱৰে গোগামুখত মিচিং জনজাতি লোকসকলৰ আৰ্থিক দুৰৱস্থাৰ দেখা পাইছিল, সেয়েহে তেঁও ঠিৰাং কৰিছিল যে সেই পিছপৰা এলেকাৰ মানুহখিনিক আৰ্থিকভাবে সকাহ দিব। তেঁও দেখা পাইছিল যে সেই মানুহখিনিয়ে ৬ মাহে কাম কৰে যদিও বাকী ৬ মাহত কৰ্মহীন হৈ পৰে। কাৰণ খেতি বাতিয়েই একমাত্ৰ সম্বল আছিল। কিন্তু কোঁৱৰে প্ৰত্যেকৰে ঘৰত একোখনকৈ তাঁতশাল দেখা পাইছিল, দেখা পাইছিল মিচিং মহিলা, যুৱতীয়ে তাঁতশালত নানা ৰং বিৰঙী সপোন ৰচাৰ ছবি…. সেয়েহে তেঁও পলম নকৰি কেইজনমান সহযোগীৰ সৈতে আৰম্ভ কৰিলে আয়াং নামৰ এখন প্ৰতিস্থানৰ। এই সম্পৰ্কে জানিব বিচাৰাত কোঁৱৰে এনেদৰে ব্যক্ত কৰে..মই আৰু মোৰ কেইজনমান বন্ধুৰ সহযোগত এই কাম আৰম্ভ কৰিছিলো,আজিৰ পৰা প্ৰায় ৬ মাহ মানৰ আগত। গোগামুখ অঞ্চলৰ কেইগৰাকী মান মিচিং যুৱতী আৰু সমীপবত্তী অঞ্চলৰ বড়ো জনজাতিৰ কেইজনমান মানুহকলৈ আমাৰ উদ্যোগ প্ৰতিস্থা কৰো্। বৰ্ত্তমানে বিভিন্ন বুটিক, আগশাৰীৰ শ্বপিংমল আদিত আমাৰ উদ্যোগৰ পৰা উৎপাদিত কাপোৰ যোগান ধৰো। উল্লেখযোগ্য যে মিচিৎ ডিজাইনে প্ৰস্তুত কৰা চাৰ্টি, চাদৰ মেখেলা, টেবুল কাপোৰ প্ৰয়োজন অনুসৰি যোগান ধৰো। ইতিমধ্যে ৰপ্তানিৰ বাবে উৰিষ্যা, কটক, গুজৰাট আদিলৈ চেম্পোল পঠাইছে। আয়াঙৰ প্ৰতিটো মিচিং ডিজাইন কৰা চাৰ্টৰ মুল্য ১০০০ টকাৰ পৰা আৰম্ভ।
 

 
কোঁৱৰৰ এনে পদক্ষেপৰ পৰিপ্ৰক্ষিতত ১২ জন সেই অঞ্চলৰ মানুহে জীৱিকাৰ সম্বল বিচাৰি পাইছে। সেয়েহে আজিৰ তাৰিখৰ ভাল খবৰ হিচাপে বিবেচিত হৈছে। আয়াঙৰ সফলতাই আকাশ চুমক, আমাৰ অশেষ শুভকামনা থাকিল।

Comments (6)
Add Comment
  • Bhargab Konwar

    Thank You nefocus for publishing this wonderful article about Ayang and its initiative. Ayang wishes you the very best for your future too.

  • admin

    Thank you for visiting our website

  • Koustuv Paul

    Congratulations guys.. Nice initiative..

  • Supriya Khatoniar

    Congratulations to all..a perfect example of development

  • manoj

    heartiest congratulations! Mr Bhargab Konwar. It would be nice to discuss with you for some project. Please share your number

    • Bhargab

      Thank you all. Mr. Manoj ,it will be helpful if we could connect through email. ayang.handloom@gmail.com