কেৱল ছোৱালীৰ বাবে কিয়,ল`ৰাৰ বাবেও এই নিয়ম পালন কৰক

এক মানৱ সমাজক লজ্জানত কাণ্ড। যি কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। পাশৱিক বৰ্বৰ কাণ্ডৰ সাক্ষী হ’ল অজস্ৰজন। এগৰাকী যুৱতীক দলবদ্ধভাৱে নৃশংসতাৰে নিৰ্যাতন চলালে কেইটামান নৰাধমে। ইমানতে ক্ষান্ত নাথাকি ভিডিঅ’ কৰি ভাইৰেল কৰিলে।
এই ঘটনা সংঘটিত হৈছিল কেৰেলাত। অপৰাধী কেইজন বাংলাদেশৰ বুলি বাংলাদেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল যে এই কাণ্ডটো সংঘটিত কৰাৰ বাবে সহযোগ কৰিছিল এগৰাকী মহিলাই। এতিয়া আৰক্ষী নামি পৰিছে মহিলাগৰাকীৰ সন্ধানত।
প্ৰশ্ন হয় আমি কোনখন সমাজত জীয়াই আছো। পূৰ্বৰ তুলনাত সম্পৰ্ককলৈ মানসিক স্থিতিবোৰ সলনি হৈছে নেকি ? এই সম্পৰ্কে জানিবলৈ আমি কথা পাতিছিলো মহানগৰীৰ ক্ৰিটিকেল কেয়াৰ হস্পিতালত কৰ্মৰত মানসিক ৰোগৰ চিকিৎসক ডা: অশোক কুমাৰৰ সৈতে। তেখেতৰ মতে এনে ঘটনা সংঘটিত কৰা বহু কেইটা কাৰণৰ ভিতৰত হীনমান্যতাত ভোগা, পৰিয়ালৰ স্থিতি আৰু নাৰীৰ আসক্তি অন্যতম।ইয়াৰ বাবে মই ভাৱো অভিভাৱক সকল সচেতন হোৱাটো জৰুৰী। আজি অভিভাৱকসকলে ছোৱালী সন্তান ঘৰত সোমাওঁতে পলম হলে যিদৰে প্ৰশ্ন সুধিব লাগে। ল’ৰা সন্তানকো তেনে প্ৰশ্ন সোধাটো উচিত। ইয়াত সম মৰ্য্যাদা প্ৰসংগ আহি পৰে।
আনহাতে জ্যোতিষী লীলা মাধৱ শইকীয়াই কয় যে, বৃহস্পতি গ্ৰহৰ অতিচাৰী প্ৰভাৱৰ বাবে পৃথিৱীত এনে প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। ৫ এপ্ৰিলৰ পৰা ২০ জুনলৈ অশুভ গ্ৰহ প্ৰভাৱ পৰাৰ বাবে মানুহৰ মানসিক স্থিতি অস্থিৰতা হোৱা দেখা যায়।ইফালে জ্যোতিষী এল.কে বৰায়ো অনুৰূপ মন্তব্য কৰে। আমি বিচাৰো সমাজৰ এনে অপশক্তি বিনাশ হওক, সকলো নাৰীয়ে জীৱনটো মুক্তভাৱে উদযাপন কৰাৰ সুবিধা পাওক।

Comments (0)
Add Comment