চীনে বিদ্যুৎচালিত ট্রেইন আৰম্ভ কৰিছে

চীনে হিমালয়ৰ ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে বুলেট ট্ৰেইন শুক্ৰবাৰৰ পৰা আৰম্ভ কৰিছে।এই বুলেট ট্ৰেইনে লহাচা আৰু নিয়ংগচীক সংযোগ কৰিব।উল্লেখযোগ্য যে এই নিয়ংগচী অৰুণাচল প্ৰদেশৰ সমীপত অৱস্থিত।চৰকাৰী বাতৰি প্ৰতিষ্ঠানৰ পৰা পোৱা খবৰ অনুসৰি তিব্বতীয় ক্ষেত্ৰত প্ৰথম বাৰ বিদ্যুৎ চালিত ৰেল সেৱা আৰম্ভ হৈছে।চীনে পূৰ্বৰ পৰা দক্ষিণ তিব্বতক নিজৰ অংশ হিচাপে গণ্য কৰি আহিছে।যাৰ বাবে বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাকলৈ বিভিন্ন সময়ত চীন ভাৰতৰ মাজত বিবাদৰ সূত্ৰপাত হৈ আছে।গোব্লেল টাইমছত প্ৰকাশিত বাতৰি অনুসৰি চীন ভাৰতৰ যদি যুদ্ধ হয় এই ৰেলৱেৰ জৰিয়তে চীনে ৰণনীতি প্ৰস্তুত কৰা সহায়ক হ’ব।

Comments (0)
Add Comment