থোৰতে ভোগালী বিহুৰ কিছু পৰম্পৰাৰে

আজি ভোগালী বিহু ।প্ৰতিজন অসমীয়াৰে হেঁপাহৰ বিহু।উৰুকাৰ নিশা ভোজ ভাত খাই কাহিলীপুৱাতে মেজি জ্বলাই বৰ্ষটোৰ মংগল কামনা কৰে।ভোগালী বিহুৰ লগত বহুতো পৰম্পৰা জৰিত হৈ আছে ।লাগনী গছত তমাল বন্ধাৰ পৰা আৰম্ভ কৰি বিহু বুলি আত্মীয় কুটুম্বৰ ঘৰলৈ যোৱাৰ পৰম্পৰা আজিও চলি আছে।সমান্তৰালভাৱে ম’হৰ যুঁজ ,কণী যুঁজ, কুকুৰা যুঁজ ৰচী টনা, খুঁটাত বগোৱা খেল হয়।এয়া মাঘ বিহুৰ এক পৰম্পৰা ।এই পৰম্পৰাই ঐতিহ্য বহন কৰে ।অসম আৰু অসমীয়াৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰে।সদৌ শেষত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।

Comments (0)
Add Comment