দেশ বুলিলে নালাগে আদেশ -জাগা অসমীয়া

জাতিৰ মেৰুদণ্ড লৰিছে।ৰং চোৱাই ৰং পাইছে।সাতামপুৰুষীয়া মিলা প্ৰীতিৰে চলি থকা দেশখন ঘূণে ধৰিছে।এনে লাগিছে যেন এক অনিশ্চিত ভৱিষ্যতৰ দিশে দেশখন ধাৱমান হৈছে।চাৰিওফালে বিদেশীয়ে ঘেৰি ধৰিছে।বিদেশীৰ কোনো ধৰ্ম নাথাকে।খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সমূহৰ ওপৰত অন্যায় অত্যাচাৰ হৈছে।কাৰোবাৰ মাটি ভেটি কাঢ়িছে, আন কাৰোবাৰ ঘৰত ডকাইটি কৰি লুটিছে ।মুঠতে অসমৰ সামগ্ৰিক পৰিস্থিতি বিষম হৈ পৰিছে।টি ভি, পেপাৰ অথবা চ’চিয়েল মেডিয়া চাব নোৱাৰা অৱস্থা হৈছে! দেশৰ ধৰণী লৰাৰ প্ৰতিচ্ছবি পৰিস্ফুট হৈছে।স্বাধীন দেশৰ নাগৰিক হিচাপে মনতে প্ৰশ্ন জাগে আজি কাৰ দোষৰ বাবে এনে পৰিস্থিতি হ’ল!ইয়াৰ মাজতো চলি আছে ৰাজনীতিৰ পাশা খেল! স্বাৰ্থৰ ৰাজনীতি, কিন্তু ভুক্তভোগী হৈছে সাধাৰণ জনগণ ।একাংশ কুচক্ৰই তথ্য বিকৃত কৰি সমাজত বিষবাস্প চটিয়াইছে।দেশখনক বিক্ৰী কৰিব বিচাৰিছে ।স্বাধীনতা বোলা শব্দটোৱেই নোহোৱা কৰিব বিচাৰিছে ।এনেদৰে চলি থাকিলে ভৱিষ্যতে হয়তো এনেদৰে কোৱাৰ দিন আহিব-এসময়ত আমাৰ  অসম নামৰ এখন দেশ আছিল! জাগা অসমীয়া, জাগা আবেগেৰে নহয়, বিবেকেৰে জাগা!

Comments (0)
Add Comment