জাতিৰ মেৰুদণ্ড লৰিছে।ৰং চোৱাই ৰং পাইছে।সাতামপুৰুষীয়া মিলা প্ৰীতিৰে চলি থকা দেশখন ঘূণে ধৰিছে।এনে লাগিছে যেন এক অনিশ্চিত ভৱিষ্যতৰ দিশে দেশখন ধাৱমান হৈছে।চাৰিওফালে বিদেশীয়ে ঘেৰি ধৰিছে।বিদেশীৰ কোনো ধৰ্ম নাথাকে।খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সমূহৰ ওপৰত অন্যায় অত্যাচাৰ হৈছে।কাৰোবাৰ মাটি ভেটি কাঢ়িছে, আন কাৰোবাৰ ঘৰত ডকাইটি কৰি লুটিছে ।মুঠতে অসমৰ সামগ্ৰিক পৰিস্থিতি বিষম হৈ পৰিছে।টি ভি, পেপাৰ অথবা চ’চিয়েল মেডিয়া চাব নোৱাৰা অৱস্থা হৈছে! দেশৰ ধৰণী লৰাৰ প্ৰতিচ্ছবি পৰিস্ফুট হৈছে।স্বাধীন দেশৰ নাগৰিক হিচাপে মনতে প্ৰশ্ন জাগে আজি কাৰ দোষৰ বাবে এনে পৰিস্থিতি হ’ল!ইয়াৰ মাজতো চলি আছে ৰাজনীতিৰ পাশা খেল! স্বাৰ্থৰ ৰাজনীতি, কিন্তু ভুক্তভোগী হৈছে সাধাৰণ জনগণ ।একাংশ কুচক্ৰই তথ্য বিকৃত কৰি সমাজত বিষবাস্প চটিয়াইছে।দেশখনক বিক্ৰী কৰিব বিচাৰিছে ।স্বাধীনতা বোলা শব্দটোৱেই নোহোৱা কৰিব বিচাৰিছে ।এনেদৰে চলি থাকিলে ভৱিষ্যতে হয়তো এনেদৰে কোৱাৰ দিন আহিব-এসময়ত আমাৰ অসম নামৰ এখন দেশ আছিল! জাগা অসমীয়া, জাগা আবেগেৰে নহয়, বিবেকেৰে জাগা!
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা