চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গকে ধৰি হিমালয়ৰ পাদদেশৰ আকাশত সৃষ্টি হোৱা হোৱা বতৰৰ কেতবোৰ পৰিবৰ্তনৰ বাবে সাগৰপৃষ্ঠৰ পৰা ৯০০ মিটাৰ মিটাৰ ওপৰৰে জলীয় বাষ্পসহ বতাহ বলি আছে। উল্লেখ্য যে বতৰৰ আকস্মিক পৰিবৰ্তনৰ বাবে বিগত ১৯ এপ্ৰিলৰ দিনা নিশাজুৰি গুৱাহাটী মহানগৰীত প্ৰাক মৌচুমী বায়ুৰ প্ৰভাৱত শতিকাটোৰ ভিতৰতে অভিলেখ পৰিমাণৰ ১২০ মিলিমিটাৰ বা ১২ চেণ্টিমিটাৰ পৰিমাণৰ প্ৰৱল বৃষ্টিপাত হৈছিল । বতৰ বিজ্ঞানৰ ভাষাত ৬.৫ চেণ্টিমিটাৰ বা ৬৬.৫ মিলিমিটাৰ পৰিমাণৰ বৰষুণ হলে তাক প্ৰৱল বৃষ্টিপাতৰ পৰিমাণ বৰষুণ অহা বুলি কোৱা হয়। তাৰ মাজতে বতৰৰ আকস্মিক পৰিবৰ্তনৰ বাবে ২২ এপ্ৰিলৰ দিনা সন্ধিয়াৰ ভাগত গুৱাহাটী মহানগৰীৰকে ধৰি নামনি অসমৰ বহু অঞ্চলত অহা এজাক ধুমুহা বতাহে বাৰুকৈয়ে কোবাই যায় । আনহাতে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজিৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ নগৰ কেইখনৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ—গুৱাহাটীত ৩৪.৪ ডিগ্ৰী চেলচিয়াছ , ডিব্ৰগড়ত ৩৪.৬ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত ৩৪.৫ ডিগ্ৰী চেলচিয়াছ , ধুবুৰীত ৩২.৩ ডিগ্ৰী চেলচিয়াছ , যোৰহাটত ৩৩.৬ ডিগ্ৰী চেলচিয়াছ , উত্তৰ লখিমপুৰত ৩৪.৯ ডিগ্রী চেলচিয়াছ , শিলচৰত ৩৪.৭ ডিগ্ৰী চেলচিয়াছ । একে সময়চোৱাত পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৫.০ ডিগ্ৰী চেলচিয়াছ। অৱশ্যে কেবাদিনৰ মূৰত কালিৰে পৰা বতৰ কিছু ফৰকাল হোৱাৰ বাবে তাপমাত্ৰা স্বাভাৱিকতকৈ কিছু বৃদ্ধি পোৱাত ৰাইজে আজি বহুদিনৰ মূৰত গৰম অনুভৱ কৰিবলগীয়া হৈছে । আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ পৰিবৰ্তনৰ বাবে অহা ২৮ এপ্ৰিল পৰ্যন্ত ৰাজ্যৰ আকাশ মেঘাছন্ন হৈ থকাৰ লগতে বহু অঞ্চলত পাতলীয়া আৰু আৰু কিছু কিছু ঠাইত গাজনী, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে মজলীয়া পৰিমাণৰ বৰষুণ আহিব বুলি আগতীয়া সতর্কতা জাৰি কৰিছে। বিশেষকৈ ২৬ এপ্ৰিলৰ পাছত বতৰে ৰুদ্ৰমূৰ্ত্তি ধৰাৰ আশংকা ব্যক্ত কৰা হৈছে।
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ