আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান

0 28

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ পৰিপ্ৰেক্ষিতত আজি আৰু অহা ২-৩ দিনৰ ভিতৰত গুৱাহাটী মহানগৰী তথা ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ কেতবোৰ ঠাইত বিজুলী- ঢেৰেকণিৰে সৈতে মধ্যমীয়াৰ পৰা প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি আজি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) পূৰ্বানুমান কৰিছে।

বৰ্তমানে অব্যাহত থকা বতৰৰ পৰিপ্ৰেক্ষিতত যোৱা ১০ জুলাই, ২০২৬ তাৰিখে প্ৰকাশ পোৱা আগতীয়া বতৰৰ পূৰ্বানুমানৰ ধাৰাবাহিকতা ৰক্ষা কৰি অহা ২-৩ দিনতো সমগ্ৰ মহানগৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ বিজুলী- ঢেৰেকণি আৰু বজ্ৰপাতৰ সৈতে মধ্যমীয়াৰ পৰা প্ৰবল বৃষ্টিপাতৰ (২৪ ঘণ্টাত ৬-১২ চে.মি.) সন্মুখীন হ’ব পাৰে। ইয়াৰ ফলত কৃত্ৰিম বানপানী, বানপানী,আকস্মিক বান, যান-বাহনৰ মন্থৰ গতি আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে। জিলা প্ৰশাসন আৰু এএছডিএমএ (ASDMA)-ই পৰিস্থিতি তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰখা হৈছে।
এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) গুৱাহাটী মহানগৰীৰ সকলো ৰাইজকে প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে। দৈনিক যাতায়াত কৰা লোক আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলক প্ৰবল বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাতায়াত পৰিহাৰ কৰি সেই অনুসৰি নিজৰ দৈনিক সময়সূচী তৈয়াৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। নিম্নাঞ্চল আৰু পাহাৰীয়া অঞ্চলৰ বাসিন্দাসকলে বানপানী বা ভূমিস্খলনৰ যিকোনো লক্ষণৰ প্ৰতি সতৰ্ক থকা উচিত।
তদুপৰি, এএছডিএমএ- য়ে স্থানীয় কৰ্তৃপক্ষসমূহকো বতৰৰ পূৰ্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ কৰ্মচাৰীসকলক সোনকালে ঘৰলৈ যাবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছে। পৰিস্থিতিৰ শেহতীয়া তথ্য এএছডিএমএ- য়ে নিজৰ চৰকাৰী ৱেবছাইট অৰ্থাৎ https://asdma.assam.gov.in/resource/assam-weather-forecast আৰু ইয়াৰ সকলো ছচিয়েল মিডিয়া হেণ্ডেলত সাধাৰণ ৰাইজৰ সজাগতাৰ বাবে সময়মতে আপডেট কৰি থাকিব। গতিকে, এই দীৰ্ঘদিনীয়া বৰষুণৰ সময়ছোৱাত সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাইজক বতৰৰ অফিচিয়েল আপডেটসমূহ চাই থাকিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনোৱা হৈছে।

Leave A Reply

Your email address will not be published.