উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা

0 36

অসমবাসীক উন্নত, আধুনিক আৰু বিশ্বমানৰ স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই লক্ষ্যৰ অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নতুন ভৱনৰ অত্যাধুনিক আৰু আকৰ্ষণীয় ডিজাইন সন্দৰ্ভত আজি পদ্মভূষণ বঁটাপ্ৰাপ্ত বিশিষ্ট স্থপতিবিদ হাফিজ কন্ট্ৰেক্টৰ, চিকিৎসালয়খনৰ প্ৰশাসনিক বিষয়া-বৰ্গ আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে এখন গঠনমূলক বৈঠকত মিলিত হয়।

বৈঠকত নতুন ভৱনটোৰ ডিজাইন আৰু আধুনিক চিকিৎসা আন্তঃগাঁথনিৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যবাসীৰ বাবে উন্নত চিকিৎসা সেৱা আৰু বিশ্বমানৰ স্বাস্থ্য আন্তঃগাঁথনি নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ইয়াৰ পাছতে মন্ত্ৰী অশোক সিংহলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা চি পি আই (এম)-ৰ বৰ্ষীয়ান ৰাজনীতিক তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাসক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লয়।

ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত উন্নত চিকিৎসাৰ বাবে হেমেন দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে তেওঁৰ স্বাস্থ্য সম্পৰ্কে বিতংভাৱে আলোচনা কৰি প্ৰয়োজনীয় আৰু উপযুক্ত চিকিৎসা প্ৰদানৰ লগতে পৰ্যাপ্ত পৰিচৰ্যা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে তেওঁৰ প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হোৱা বুলি মন্ত্ৰীগৰাকীক অৱগত কৰে। মন্ত্ৰী অশোক সিংহলে বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ আশু আৰোগ্য কামনা কৰে।

Leave A Reply

Your email address will not be published.