পৰম্পৰা ৰক্ষা কৰি উদযাপিত হ’ল গৰু বিহু

আজি গৰু বিহু ।পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ অসমতে উদযাপিত হ’ল গৰু বিহু ।ৰঙালী বিহুৰ প্ৰাকক্ষণত উদযাপিত হোৱা এই বিহুৱে বিশেষ তাৎপৰ্য্য বহন কৰে।অসমীয়াৰ প্ৰাণ বাপতি সাহোন ৰঙালী বিহু প্ৰধানকৈ কৃষিভিত্তিক এক ৰঙৰ উৎসৱ । আজি গৰুক গা ধোৱা, গৰুক চাট মৰা, পঘা পিন্ধোৱা, পিঠা পনা খোৱা আদিৰ পৰ্ব সমূহ উদযাপন হয়।গৰু বিহুৰ দিনাৰ পৰা বিহু মৰাৰ বাবে ঠাই বিশেষে বিহুদল ৰাওনা হয়।

Comments (0)
Add Comment