বন্ধু তোমালৈ বুলি..

এটা শ্ৰেষ্ঠতম সম্পৰ্ক। যাৰ নাম বন্ধুত্ব। এই বন্ধুত্ব নামৰ সম্পৰ্ক জীয়াই থকাৰ বাবেই পৃথিৱীখন সুন্দৰ। বন্ধুৰ উমাল পৰশে সকলোৰে জীৱন জীপাল কৰি তোলে। আমি জীৱন উদযাপন কৰো। বন্ধুৰ আগত সকলোৱে প্ৰাণ খুলি হাঁহে, মনৰ দুখ প্ৰকাশ কৰি কান্দে। এজন প্ৰকৃত বন্ধুৱে বিপদৰ সময়ত কেতিয়াও লগ নেৰে। সেয়েহে বন্ধু নিৰ্বাচনত সতৰ্কতা অৱলম্বন কৰা উচিত। বন্ধুবিহীন জীৱন মৰুভূমি সদৃশ। এজন ভাল বন্ধুৱেহে জীৱনৰ সঠিক পথৰ সন্ধান দিব পাৰে। তেজ মঙহৰ সম্পৰ্কৰ বাহিৰত গঢ়ি উঠা এই বন্ধুত্ব সম্পৰ্কই যুগ যুগ ধৰি মানুহক প্ৰভাৱিত কৰি আহিছে। বন্ধুত্ব শব্দৰ লগত মানৱতা, প্ৰেম সংযুক্ত হৈ আছে। আজি বন্ধুত্ব দিৱস। বন্ধুত্ব দিৱসৰ শুভ ক্ষণত সকলোকে শুভকামনা জনালো। সকলোৱে জীৱন যেন সুখময়, সমৃদ্ধিময় হয় তাকে কামনা কৰিলো।

Comments (0)
Add Comment