বৰ্ষৰ প্ৰথমটো মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব দেশবাসী

বৰ্ষৰ প্ৰথমটো মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব দেশবাসী

১০ জানুৱাৰীত দেখিবলৈ পাব ২০২০ বৰ্ষৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ ।ভাৰতীয় সময়সীমা অনুযায়ী নিশা ১০ বাজি ৩৭ মিনিটৰ পৰা ২ বাজি ৪২ মিনিটলৈ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব।প্ৰায় ৪ ঘণ্টা ৫ মিনিট জুৰি হ’বলগীয়া এই চন্দ্রগ্ৰহণ ২ বাজি ৪০মিনিটতলৈকে হ’ব।এই চন্দ্রগ্ৰহণ এছিয়া,অষ্ট্ৰেলিয়া,ইউৰোপ,আফ্ৰিকা,আটলান্টিক,ভাৰত মহাসাগৰ আৰু সুমেৰু অঞ্চলত দেখিবলৈ পোৱা যাব। উল্লেখযোগ্য যে বছৰটোত ১০ জানুৱাৰীৰ পিছত ৫ জুন,৫ জুলাই আৰু ২৯ নৱেম্বৰত মুঠ চাৰিবাৰকৈ চন্দ্র গ্ৰহণ লাগিব।

Comments (0)
Add Comment