স্বদেশী আন্দোলনৰ অন্যতম হোতা ৰাজপট ৰায়ৰ জন্ম জয়ন্তী বিশেষ

ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম হোতা লালা ৰাজপট ৰায়ৰ আজি জন্ম জয়ন্তী।১৮৬৫চনৰ আজিৰ দিনটোতে পঞ্জাৱত তেখেতে জন্ম গ্ৰহণ কৰিছিল ।উদাত্ত ভাষণ আৰু তেজস্বী মনেৰে সকলোকে স্বাধীনতা সংগ্ৰামৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল।বিশেষকৈ পঞ্জাৱত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।বিদেশী বস্তু বৰ্জন স্বদেশী  বস্তুৰ ব্যৱহাৰৰ বাবে জনসাধাৰণক জাগ্ৰত কৰি তুলিছিল । সেই সময়ত লালা ৰাজপট ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পালক লাল, বাল, পাল নামেৰে নামাকৰণ কৰিছিল ।স্বাধীনতা আন্দোলনৰ সেনানী লালা ৰাজপট ৰায়ৰ কৰ্মৰাজি সুঁৱৰি এন ই ফ’কাচ ডট কমৰ পৰা এই বিশেষ দিনটোত শ্ৰদ্ধা নিবেদন কৰিলো ।

Comments (0)
Add Comment