অন্ত পৰিল নমামী ব্ৰহ্মপুত্ৰ মহোৎসৱৰ

সমগ্ৰ ৰাজ্যত ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা নমামী ব্ৰহ্মপুত্ৰ মহোৎসৱ আজি অন্ত পৰিল। প্ৰতিকুল বতৰে জনসাধাৰণক কিছু হাৰাশাস্তি সন্মুখীন কৰালেও কিন্তু জনসাধাৰণৰ মনত আনন্দৰ ঢৌ ম্লান পৰা  দেখা নগ’ল। আজি সামৰণিৰ দিনা কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাদকাৰী উপস্থিত আছিল। চতুৰ্থ দিনৰ দিনা পৰ্যটনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি সকল উপস্থিত থাকে। অচিৰেই অসমৰ পৰ্যটনৰ ক্ষেত্ৰত কেবাখনো চুক্তি স্বাক্ষৰিত হ’ব বুলি বৈঠকখনৰ পৰা জানিব পৰা গ’ল।

ইফালে, আজিৰে পৰা অসম পৰম্পৰাগত খেল আৰু ড্ৰেগনৰ নাও সন্থা অষ্টম ৰাষ্ট্ৰীয় ড্ৰেগন নাও প্ৰতিযোগিতা মহানগৰীৰ মাছখোৱাৰ শংকৰদেৱ উদ্যানৰ সমীপৰ ব্ৰহ্মপুত্ৰ অনুষ্ঠিতত ড্ৰেগন নাও প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ দল সমূহে অংশগ্ৰহণ কৰে।

Comments (0)
Add Comment