অসমবাসীৰ মৰমে দেশ আৰু জাতিৰ প্ৰতি সেৱা আগবঢ়াবলৈ অধিক শক্তি দিছে অগপ দলক-মন্ত্ৰী অতুল বৰা

অসমবাসীৰ মৰমে দেশ আৰু জাতিৰ প্ৰতি সেৱা আগবঢ়াবলৈ অধিক শক্তি দিছে অগপ দলক।বিগত দিনত হোৱা ভুল ক্ৰুটিবোৰ ক্ৰমান্বয়ে দলটোৱে শুধৰাই আহিছে।আৰু লাহে লাহে সকলো ভুলৰ শুধৰণি কৰিব দলটোয়ে।
জন্মলগ্নৰে পৰা দলটোৱে জাতীয়তাবাদী ভূমিকা গ্ৰহণ কৰি আহিছে আৰু আগলৈও কৰি যাব। জাতীয়তাবাদ আৰু অসমৰ স্বাৰ্থৰ ক্ষেত্ৰত কেতিয়াও অগপই আপোচ কৰা নাই আৰু নকৰে।এই মন্তব্য অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ।আজি দলৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে অনুষ্ঠিত এক অন্তৰংগ আলাপ অনুষ্ঠানত বৰাই এইদৰে মন্তব্য কৰে। দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি অসমৰ ৰাইজৰ মৰম চেনেহে দলটোক জীয়াই ৰাখিছে আৰু অনাগত দিনত ৰাইজে অধিক শক্তিশালী কৰি তুলিব আৰু জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰে।সভাত মন্ত্ৰী কেশৱ মহন্ত,পৰমানন্দ ৰাজবংশী,কল্পনা পাটোৱাৰীৰ লগতে বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment