অসমীয়া কইনাৰ বাবে উপযোগী মাস্ক ডিজাইন কৰিছে নন্দিনী বৰকাকতিয়ে

ক’ৰণা ভাইৰাছৰ আতংকৰ সমান্তৰালভাৱে বজাৰত মাস্কৰ চাহিদা বৃদ্ধি পাইছে।  মাস্ক পৰিধান কৰাটো এক প্ৰকাৰৰ বাধ্যতামূলক হৈ পৰিছে।
 
 
 
 
 
 
সেয়ে সকলোৱে মাস্ক পৰিধান কৰা দেখা গৈছে।আনহাতে মাস্ক পৰিধান নকৰিলে আৰক্ষীয়ে জৰিমণা বিহাৰ বাতৰি প্ৰকাশ পাইছে। ইয়াৰ মাজতে অসমীয়া কইনাই পৰিধান কৰা এখন বিশেষ মাস্কে সম্প্ৰতি চ’চিয়েল মেডিয়াত চৰ্চিত হৈ পৰিছে।
 
 
 
 
ফেশ্বন ডিজাইনাৰ নন্দিনী বৰকাকতিয়ে অসমীয়া কইনাৰ বাবে এখন বিশেষ মাস্ক প্ৰস্তুত কৰিছে । মাস্কখন প্ৰস্তুত কৰা হৈছে অসমীয়া কইনাৰ পাট কাপোৰৰ কিছু অংশৰে। ইচ্ছুক বিবাহ প্ৰত্যাশী প্ৰাৰ্থী সকলে নন্দিনী বৰকাকতিৰ লগত যোগাযোগ কৰি মাস্কখন কিনিব পাৰিব বুলি জানিব পৰা গৈছে।

Comments (0)
Add Comment