অসমৰ দুগৰাকী শিক্ষকলৈ ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটা

অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এটা ভাল খবৰ।শৈক্ষিক ক্ষেত্ৰলৈ আগৱঢ়োৱা অৱদানৰ বাবে অসমৰ দুগৰাকী শিক্ষকলৈ ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষকৰ সন্মান আগবঢাইছে।উল্লেখযোগ্য যে শিক্ষক দুজনে শিক্ষক দিৱসৰ দিনটোত ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দ্ৰ পৰা এই সম্বৰ্ধনা গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা শিক্ষক দুজন হৈছে যোৰহাট বামুনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কংকন কিশোৰ দত্ত , আৰু বাক্সা জিলাৰ কে বি দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিনন্দ স্বৰ্গীয়াৰী।এই শিক্ষক দুজনৰ লগতে উত্তৰপ্ৰদেশ,মহাৰাষ্ট্ৰ,তামিলনাডু,তেলেংগনা,অন্ধপ্ৰদেশ,ছিকিম, উৰিষ্যা, বিহাৰ,গুজৰাট, ৰাজস্থানৰ কেইবাগৰাকীও শিক্ষক সম্বৰ্ধনা বাবে নিৰ্বাচিত হৈছে।

Comments (0)
Add Comment