অসমৰ দুটা সুখবৰ

অসমৰ দুটা সুখবৰ

IMG-20170325-WA0046

সুখবৰে সকলোলৈকে আশাৰ বতৰা কঢ়িয়াই আনে। আজিৰ দিনটোত আমাৰ সকলোৰে বাবে আনন্দৰ সফুৰা কঢ়িয়াইছে দুটাকৈ ভাল খবৰে। ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় চৌহদ মুকলি হ’ল কামৰূপ জিলাৰ আমিনগাঁৱত। উল্লেখযোগ্য যে  ২০০৯ চনৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী আইনৰ অধীনত প্ৰতিষ্ঠা কৰা এইখনেই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আইন বিশ্ববিদ্যালয়। বৰ্ত্তমান এই বিশ্ববিদ্যালয় স্থায়ী চৌহদ ১৫০ বিঘাত মাটিত নিৰ্মাণ কৰা হৈছে। এই চৌহদ মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু উচ্চতম ন্যয়লয়ৰ ন্যয়াধীশ জে চেলামেশ্বৰে। আইন বিশ্ববিদ্যালয় খনে আইনৰ শিক্ষাৰ ক্ষেত্ৰত এক নতুন যুগৰ সুচনা কৰিব বুলি আশা কৰিব পাৰি।

IMG-20170325-WA0048

আনহাতে আজি খানাপাৰাত অটল অমৃত অভিযানৰ অধীনত ৩২৩৬ গৰাকী বিভিন্ন ৰোগীক চৰকাৰৰ ফালৰ পৰা হিতাধিকাৰীৰ চেক প্ৰদান কৰে। উল্লেখযোগ্য যে কেঞ্চাৰ, বৃক্ক, হৃদযন্ত্ৰ, স্নায়ু, জুঁইয়ে পোৰা, সৰু ল’ৰা ছোৱালী যিকোনো জটিল অপাৰেচনৰ ক্ষেত্ৰত এই যোজনাখনৰ পৰা সুবিধা লাভ কৰিব পাৰিব। এই আচঁনিখনৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ সদস্যই তথা প্ৰতিজন ৰোগীয়ে বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন ঠাইত সুবিধা সমূহ লাভ কৰিব পাৰিব। এই সম্পৰ্কে স্বাস্থ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কয় যে- ভাৰতৰ একমাত্ৰ অসমতেহে এনে অভিযানৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। অহা ২,৩ এপ্ৰিলৰ পৰা স্মাৰ্ট কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকালয়ৰ পৰা ৰ্ফম পূৰণ কৰি এই আচনিৰ সকলোৱে সুফল লাভ কৰিব পাৰিব।

IMG-20170325-WA0045

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলোৰে সহযোগিতা কামনা কৰিছে। আজি অনুষ্ঠিত অনুষ্ঠান অসমৰ প্ৰতিখন জিলাৰ পৰা অহা ৰোগীয়ে এই যোজনাৰ অৰ্ন্তভুক্তিৰ বাবে প্ৰচেষ্টা চলোৱা দেখা যায়।

এনেধৰণৰ ইতিবাচক দৃষ্টিভংগীৰে সমাজ গঢ়াৰ পথ সুগম কৰে বুলি আশা কৰিব পাৰিব। প্ৰিয় পাঠক, আপুনি যদি এনে কোনো খবৰ জানে, আমালৈ লিখিবলৈ নাপাহৰিব। আমাৰ ই মেইল nefocus5@gmail.com

Comments (1)
Add Comment
  • Rafique Talukdar

    সচাকৈয়ে ভাল পদক্ষেপ ।