মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কলাক্ষেত্ৰত ঘোষণা কৰে অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ নাম।অসমৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দায়িত্বভাৰ গ্ৰহণ কৰিব। কলাক্ষেত্ৰত জি এন এম ৰ ষ্টাফ নাৰ্চৰ নিযুক্তিপত্ৰ প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি এই ঘোষণা কৰে।উল্লেখযোগ্য যে বৰ্তমানৰ আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্তই অহা ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব।উল্লেখযোগ্য যে, কা আন্দোলন সময়ত ৰাজ্যত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাবোৰ নিয়ন্ত্ৰণ কৰাৰ বাবেই এন আই এৰ পৰা অসমলৈ আহিছিল জি পি সিং।
অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
