অসম আৰক্ষীত নিযুক্তি লাভ কৰিলে জামুগুৰিহাটত এই সন্তানে

সদ্য ঘোষিত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ানৰ ফলাফলত উৎফুল্লিত চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ বালিজুৰীত। বালিজুৰীৰ অতি ভিতৰুৱা অঞ্চল খৃষ্টানবস্তী অঞ্চলৰ এটি দৰিদ্ৰ পৰিয়ালৰ দিন হাজিৰা কৰা নিপেন শইকীয়া আৰু গিতা শইকীয়াৰ সু- পুত্ৰ লাচিত শইকীয়াক দিন হাজিৰা কৰি শিক্ষা দিক্ষা প্ৰদান কৰিছিল পিতৃ – মাতৃয়ে ।অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক লাচিত শইকীয়াৰ লগতে চন্দন মগৰে কামাণ্ডো বেটেলিয়ানৰ ফলাফলত উত্তীৰ্ণ হোৱাত অঞ্চলবাসীৰ লগতে গাঁওৰক্ষী বাহিনী, বিদ্যালয়ৰ শিক্ষকসকলেও ফুলাম গামোছাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। বালিজুৰী অঞ্চলত দুগৰাকী দৰিদ্ৰ যুৱকৰ এনে বৃহৎ সাফল্যৰ বাবে অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি উৎফুল্লিত পিতৃ মাতৃ তথা গাওঁবাসী।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই ।

Comments (0)
Add Comment