অসম আৰক্ষী অনাতাঁৰ সংগঠনত ড্ৰাগছ বিৰোধী সজাগতা সভা সম্পন্ন

অসম আৰক্ষী অনাতাঁৰ সংগঠনত ড্ৰাগছ বিৰোধী সজাগতা সভা সম্পন্ন

কলকাতাস্থিত প্ৰাঞ্জল ফাউণ্ডেচনৰ উদ্যোগত আৰু অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ সহযোগত ১২ ডিচেম্বৰত জালুকবাৰীস্থিত এ পি আৰ অ’ প্ৰশিক্ষণ বিদ্যালয়ৰ সভাগৃহত ড্ৰাগছ সেৱনৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয় । সভাত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাসক্ত সকলক চিনাক্তকৰণ কৰি বিজ্ঞানসন্মত কাউন্সেলিং আৰু ফিজিঅ’থেৰাপিৰ জৰিয়তে ড্ৰাগছ আসক্ত সকলক চিকিৎসা কৰা সন্দৰ্ভত বিতংভাবে আলোচনা কৰা হয় । জ্যেষ্ঠ প্ৰশিক্ষক তাহেৰউদ্দিন আহমেদৰ পৰিচালনাত অনুষ্ঠিত সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° শ্ৰদ্ধা বসু , কলকাতাস্থিত প্ৰাঞ্জল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক বৰুণ পুৰোহিত , মনোবিজ্ঞানী ডাঃ উদাংশ্ৰী বসুমতাৰীয়ে বিষয়বস্তুৰ ওপৰত সাৰুৱা ভাষণ প্ৰদান কৰে । সভাৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনাই ভাষণ প্ৰসংগত আৰক্ষী অধীক্ষক সীমান্ত তালুকদাৰে কয় যে-“বৰ্তমান ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে যি ড্ৰাগছ বিৰোধী অভিযান চলাই আহিছে তাত জনসাধাৰনে প্রত্যক্ষভাবে সহায়-সহযোগিতা আগবঢ়ালে নিশ্চয় সমগ্ৰ ৰাজ্যখন অতি সোনকালে ড্ৰাগছ মুক্ত কৰিব পাৰিব । সভাত উপস্থিত থাকি নৱজাগৰণ সংঘৰ সভাপতি সঞ্জীৱ দেৱ চৌধুৰী , কুলেন্দু শৰ্মা , বিষ্ণুজ্যোতি কৃষ্টি বিকাশ সংঘৰ কাৰ্য্যকৰী সভাপতি হেমন্ত কুমাৰ শৰ্মায়ো ভাষণ প্ৰদান কৰে । সভাত উপ-আৰক্ষী অধীক্ষক সঞ্জয় চাংকাকতি আৰু জয়দেৱ দাসৰ লগতে অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰী সকলৰ উপৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । উল্লেখনীয় যে কমলেশ্বৰ তালুকদাৰে পৰিবেশন কৰা সংলাপ-সুৰধ্বনিৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয়।সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই আৰক্ষী অধীক্ষক বিৰাজ দাসে।

Comments (0)
Add Comment