কলকাতাস্থিত প্ৰাঞ্জল ফাউণ্ডেচনৰ উদ্যোগত আৰু অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ সহযোগত ১২ ডিচেম্বৰত জালুকবাৰীস্থিত এ পি আৰ অ’ প্ৰশিক্ষণ বিদ্যালয়ৰ সভাগৃহত ড্ৰাগছ সেৱনৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয় । সভাত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাসক্ত সকলক চিনাক্তকৰণ কৰি বিজ্ঞানসন্মত কাউন্সেলিং আৰু ফিজিঅ’থেৰাপিৰ জৰিয়তে ড্ৰাগছ আসক্ত সকলক চিকিৎসা কৰা সন্দৰ্ভত বিতংভাবে আলোচনা কৰা হয় । জ্যেষ্ঠ প্ৰশিক্ষক তাহেৰউদ্দিন আহমেদৰ পৰিচালনাত অনুষ্ঠিত সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° শ্ৰদ্ধা বসু , কলকাতাস্থিত প্ৰাঞ্জল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক বৰুণ পুৰোহিত , মনোবিজ্ঞানী ডাঃ উদাংশ্ৰী বসুমতাৰীয়ে বিষয়বস্তুৰ ওপৰত সাৰুৱা ভাষণ প্ৰদান কৰে । সভাৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনাই ভাষণ প্ৰসংগত আৰক্ষী অধীক্ষক সীমান্ত তালুকদাৰে কয় যে-“বৰ্তমান ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে যি ড্ৰাগছ বিৰোধী অভিযান চলাই আহিছে তাত জনসাধাৰনে প্রত্যক্ষভাবে সহায়-সহযোগিতা আগবঢ়ালে নিশ্চয় সমগ্ৰ ৰাজ্যখন অতি সোনকালে ড্ৰাগছ মুক্ত কৰিব পাৰিব । সভাত উপস্থিত থাকি নৱজাগৰণ সংঘৰ সভাপতি সঞ্জীৱ দেৱ চৌধুৰী , কুলেন্দু শৰ্মা , বিষ্ণুজ্যোতি কৃষ্টি বিকাশ সংঘৰ কাৰ্য্যকৰী সভাপতি হেমন্ত কুমাৰ শৰ্মায়ো ভাষণ প্ৰদান কৰে । সভাত উপ-আৰক্ষী অধীক্ষক সঞ্জয় চাংকাকতি আৰু জয়দেৱ দাসৰ লগতে অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰী সকলৰ উপৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । উল্লেখনীয় যে কমলেশ্বৰ তালুকদাৰে পৰিবেশন কৰা সংলাপ-সুৰধ্বনিৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয়।সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই আৰক্ষী অধীক্ষক বিৰাজ দাসে।
Trending
- পথ-সুৰক্ষা সজাগতাৰ আহ্বানেৰে বিহুমঞ্চত পৰিবহণ বিভাগৰ ব্যতিক্ৰমী অনুষ্ঠান
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মুট কোর্ট প্রতিযোগিতা সম্পন্ন
- পশ্চিম গুৱাহাটীৰ ৰাণীৰ পাৰ্শ্ববৰ্তী পাথৰখামাৰ উমচাও গাঁৱত ৰাভা জনগোষ্ঠীৰ মহিলাৰ পৰম্পৰাগত বিহু উদযাপন
- গুৰুজনাৰ অমৰ সৃষ্টিক বিশ্বদৰবাৰত প্ৰতিষ্ঠাৰ প্ৰয়াস – লণ্ডনৰ মৃদুস্মিতা দাস বৰাৰ নেতৃত্বত তিনিজনীয়া অসমীয়া শিল্পী দলৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শন
- Farmers Mobilization & Awareness Programme held in Serchhip, Mizoram
- ৰাণীত ফুলৰ খেতিৰে পুষ্প বিপ্লৱ আনিছে দম্পতি হলিৰাম ৰাভা আৰু জয়ন্তী ৰাভাই
- India is emerging as an oasis in a turbulent world: NSE MD & CEO Shri Ashishkumar Chauhan
- Cotton University, NECTAR and St. Anthony’s College Collaborate to conduct Geospatial Learning in Shillong-10-Day Training Module on GIS and Remote Sensing Inaugurated at St. Anthony’s college
- অসমৰ সুগন্ধি জহা চাউলৰ সোৱাদ ল’ব ভিটেনায়মে, অসমৰ বিখ্যাত জহা চাউল ভিয়েটনামলৈ ৰপ্তানি
- টপচেম চিমেন্টৰ দ্বাৰা বৃদ্ধাশ্রম আৰু শিশু যত্ন গৃহত আয়োজিত বাৰ্ষিক বিহু উদযাপনৰ কাৰ্য্যসূচী আজিৰে পৰা শুভাৰম্ভ