কলকাতাস্থিত প্ৰাঞ্জল ফাউণ্ডেচনৰ উদ্যোগত আৰু অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ সহযোগত ১২ ডিচেম্বৰত জালুকবাৰীস্থিত এ পি আৰ অ’ প্ৰশিক্ষণ বিদ্যালয়ৰ সভাগৃহত ড্ৰাগছ সেৱনৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয় । সভাত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাসক্ত সকলক চিনাক্তকৰণ কৰি বিজ্ঞানসন্মত কাউন্সেলিং আৰু ফিজিঅ’থেৰাপিৰ জৰিয়তে ড্ৰাগছ আসক্ত সকলক চিকিৎসা কৰা সন্দৰ্ভত বিতংভাবে আলোচনা কৰা হয় । জ্যেষ্ঠ প্ৰশিক্ষক তাহেৰউদ্দিন আহমেদৰ পৰিচালনাত অনুষ্ঠিত সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° শ্ৰদ্ধা বসু , কলকাতাস্থিত প্ৰাঞ্জল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক বৰুণ পুৰোহিত , মনোবিজ্ঞানী ডাঃ উদাংশ্ৰী বসুমতাৰীয়ে বিষয়বস্তুৰ ওপৰত সাৰুৱা ভাষণ প্ৰদান কৰে । সভাৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনাই ভাষণ প্ৰসংগত আৰক্ষী অধীক্ষক সীমান্ত তালুকদাৰে কয় যে-“বৰ্তমান ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে যি ড্ৰাগছ বিৰোধী অভিযান চলাই আহিছে তাত জনসাধাৰনে প্রত্যক্ষভাবে সহায়-সহযোগিতা আগবঢ়ালে নিশ্চয় সমগ্ৰ ৰাজ্যখন অতি সোনকালে ড্ৰাগছ মুক্ত কৰিব পাৰিব । সভাত উপস্থিত থাকি নৱজাগৰণ সংঘৰ সভাপতি সঞ্জীৱ দেৱ চৌধুৰী , কুলেন্দু শৰ্মা , বিষ্ণুজ্যোতি কৃষ্টি বিকাশ সংঘৰ কাৰ্য্যকৰী সভাপতি হেমন্ত কুমাৰ শৰ্মায়ো ভাষণ প্ৰদান কৰে । সভাত উপ-আৰক্ষী অধীক্ষক সঞ্জয় চাংকাকতি আৰু জয়দেৱ দাসৰ লগতে অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰী সকলৰ উপৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । উল্লেখনীয় যে কমলেশ্বৰ তালুকদাৰে পৰিবেশন কৰা সংলাপ-সুৰধ্বনিৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয়।সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই আৰক্ষী অধীক্ষক বিৰাজ দাসে।
Trending
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন