অসম ডনবস্ক বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত অনলাইন কেৰিয়াৰ কৰ্মশালা

অসম ডনবস্ক বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত  অনলাইন কেৰিয়াৰ কৰ্মশালা

অসমৰ প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয় অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত এখন অনলাইন কেৰিয়াৰ কৰ্মশালা ১১ ডিচেম্বৰত অনুষ্ঠিত হয় । আবেলি সন্ধিয়া ৩ বজাৰৰ পৰা ৪ বজালৈকে অনুষ্ঠিত হোৱা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক ড° বুলজিৎ বুঢ়াগোহাঁই।
বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকল লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলও উপস্থিত থকা কৰ্মশালাখন আঁত ধৰে বিভাগৰ সহকাৰী অধ্যাপক পল্লৱ গগৈয়ে আৰু কৰ্মশালাখন শুভাৰম্ভণি কৰে বিভাগৰ মুৰবী লীনা এইছ নেমাদে। ড° বুঢ়াগোহাঁয়ে যান্ত্রিক অভিযান্ত্রিক বিভাগৰ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পৰৱৰ্তী পৰ্য্যায়ত কেনেধৰণৰ সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰিব , সেই বিষয়ে বিতংকৈ আলোচনা আগবঢ়োৱাৰ লগতে অংশগ্রহণ কৰা ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে ।

Comments (0)
Add Comment