অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হ’ল কুলধৰ শইকীয়া

আজি হোজাইত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন।এই অধিৱেশনত প্ৰথমবাৰৰ বাবে সংসদীয় পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰা হয়।সভাত সাহিত্য সভাৰ সভাপতি পদৰ বাবে ৭ গৰাকী,উপ সভাপতি পদৰ বাবে ৪ গৰাকী আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায়।ইতিমধ্যে এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে।সভাপতি পদত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই ২৫৯ টা ভোটত জয়লাভ কৰিছে।সমান্তৰালকৈ উপ সভাপতি পদত ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে ২৯৮ টা ভোটত বিজয়ী হৈছে আৰু প্ৰধান সম্পাদকৰ পদত যাদৱ শৰ্মাই ৩৯২ টা ভোটত জয়লাভ কৰিছে।উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ নৱনিযুক্ত সভাপতি কুলধৰ শইকীয়াই শুৱালকুছি সাহিত্য সভা অধিৱেশনত প্ৰথমবাৰলৈ সভাপতিত্ব আগবঢ়াব।

Comments (0)
Add Comment