আজি হোজাইত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন।এই অধিৱেশনত প্ৰথমবাৰৰ বাবে সংসদীয় পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰা হয়।সভাত সাহিত্য সভাৰ সভাপতি পদৰ বাবে ৭ গৰাকী,উপ সভাপতি পদৰ বাবে ৪ গৰাকী আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায়।ইতিমধ্যে এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে।সভাপতি পদত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই ২৫৯ টা ভোটত জয়লাভ কৰিছে।সমান্তৰালকৈ উপ সভাপতি পদত ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে ২৯৮ টা ভোটত বিজয়ী হৈছে আৰু প্ৰধান সম্পাদকৰ পদত যাদৱ শৰ্মাই ৩৯২ টা ভোটত জয়লাভ কৰিছে।উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ নৱনিযুক্ত সভাপতি কুলধৰ শইকীয়াই শুৱালকুছি সাহিত্য সভা অধিৱেশনত প্ৰথমবাৰলৈ সভাপতিত্ব আগবঢ়াব।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud