অসম সাহিত্য সভা অধিৱেশনৰ তৃতীয় দিনাৰ অনুষ্ঠান সমূহ

অসম সাহিত্য সভা অধিৱেশনৰ তৃতীয় দিনাৰ অনুষ্ঠান সমূহ

IMG-20170210-WA0014

অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্য্যসুচী অনুসৰি বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰে আৰম্ভ হয়। আজি যুৱ সংসদত এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। “সাহিত্য সৰ্বস্ব অসমেই অসমৰ উন্নতিৰ প্ৰধান অন্তৰায় নেকি” শীৰ্ষ এক অনুষ্ঠান বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকল তথা নৱপ্ৰজন্মৰ প্ৰতিনিধি, বুদ্ধিজিৱী সকলৰ মাজত অনুষ্ঠিত হয়। অনুষ্ঠানটো আঁত ধৰে মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰুৱে। ইয়াৰ পিছতেই “ৰামধেনু” নামৰ এক অনুষ্ঠান পাৰ্বতী প্ৰসাদ বৰুৱাৰ নামৰ মূল মঞ্চত অনুষ্ঠিত হয়। মাননীয় ৰাজ্যপালো এই অনূষ্ঠানত উপস্থিত থাকে। ইয়াৰ পৰৰ্বত্তী পৰ্য্যায়ত “আকাশ” নামৰ এক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে কবি সন্মিলন আৰু বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ সভাৰ বাকৰিত লোকে লোকাৰণ্য হোৱা পৰিলক্ষিত হোৱা যায়।

IMG-20170210-WA0013

IMG-20170210-WA0012

Comments (0)
Add Comment