অসম ৰাজ্যিক চিৰিয়াখানাত সোণালী বান্দৰৰ বংশ বৃদ্ধি

অসম ৰাজ্যিক চিৰিয়াখানাত সোণালী বান্দৰৰ বংশ বৃদ্ধি

যোৱানিশা অসম ৰাজ্যিক চিৰিয়াখানা  উদ্ভিদ উদ্যানত স্থাপিত প্ৰজনন কেন্দ্ৰত এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্ম হয়।
 
 
সোণালী বান্দৰ বৰ্তমান বিপন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী । সেয়ে বনবিভাগে যোৱা কেইবছৰমান ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰজনন কেন্দ্ৰ স্থাপন কৰি সোণালী বান্দৰৰ বংশ বৃদ্ধিৰ চেষ্টা চলাই আহিছিল যদিও সফল হোৱা নাছিল । বহু বছৰৰ মূৰত যোৱা বছৰ এটি মাইকী পোৱালি আৰু এইবাৰ যোৱানিশা এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্মেৰে এই বিপদাপন্ন প্ৰজাতিটোৰ বংশবৃদ্ধিৰ উৎকৃষ্ট নজিৰ দাঙি ধৰিবলৈ সক্ষম হৈছে । এই সুখবৰটো জনাইছে চিৰিয়াখানাৰ ডি.এফ.অ. তেজস মৰিস্বামী আৰু ৰেঞ্জাৰ ৰবীন বৈশ্যই ।

Comments (0)
Add Comment