আইনাৰ উদ্যোগত ৰাজ্যিক ভিত্তিত যোগ বিজ্ঞান যাত্ৰাৰ আয়োজন

আন্তৰ্জাতিক যোগ দিৱস- ২০২২ ৰ উপলক্ষে আজি সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থা চমুকৈ আইনাৰ উদ্যোগত নলবাৰী আনন্দপুৰমৰ পৰা কামৰূপ জিলাৰ সাধনা যোগ মহাবিদ্যালয় ৰঙিয়ালৈ ৰাজ্যিক ভিত্তিত যোগ বিজ্ঞান যাত্ৰাৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভনি কৰে ডাঃ খবিৰুদ্দিন আহমেদে। কার্যসূচীত ডাঃ হিতেন্দ্ৰ কলিতাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। লগতে উপস্থিত থাকে যোগাচাৰ্য জ্যোতিষ কলিতা আৰু সাধনাৰ ছাত্ৰ- ছাত্ৰী আৰু আইনাৰ সদস্য- সদস্যা সকল । আইনাৰ ৰাজ্যিক সভাপতি বসন্ত মজুমদাৰে পৰিচালনা কৰা অনুষ্ঠানটোত অংশুমনি ডেকা, ছাত্ৰী ভূমিকা আৰু হিয়াই যোগ প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। ইয়াৰে পিছতে জুৰি দেৱীয়ে একক অভিনয় প্ৰদৰ্শন কৰি সকলোকে মুগ্ধ কৰে। কার্যসূচীৰ শেষত ভাস্কৰদ্বীপ কাশ্যপৰ শান্তি মন্ত্ৰ পাঠেৰে অনুষ্ঠানটোৰ সামৰনি পৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Comments (0)
Add Comment