আকাশবাণী নগাঁও কেন্দ্ৰই ২৬ বৰ্ষ অতিক্ৰম কৰিলে

আকাশবাণী নগাঁও কেন্দ্ৰই ২৬ টা বসন্ত পাৰ কৰি ২৩ ফেব্ৰুৱাৰীত ২৭ তম বৰ্ষত ভৰি দিলে। প্ৰথম অৱস্থাত সন্ধিয়া ৪.৩০ বজাৰ পৰা ১০.৩০ বজালৈ অনুষ্ঠান সম্প্ৰচাৰ কৰা কেন্দ্ৰটোৱে বৰ্তমান পুৱা ৫.৫৩ বজাৰ পৰা নিশা ১১.১০ বজালৈকে ভিন্ন ৰঙী অনুষ্ঠান তথা কাৰ্যসূচী প্ৰচাৰ কৰিবলৈ লৈছে। শ্ৰুোতাৰ মনোৰঞ্জন, তথ্যযোগান আৰু জ্ঞানৰ চাহিদা পূৰণ কৰিবলৈ কেন্দ্ৰটিয়ে প্ৰতিষ্ঠা কালৰে পৰা যত্ন কৰি আহিছে। আপুনি বিচৰা গীত, কৃষকবাণী, সুৰলহৰি, সাতসৰী আদি হৈছে কেন্দ্ৰটিৰ অতি জনপ্ৰিয় অনুষ্ঠান। কেন্দ্ৰটোৰ লগত স্থানীয় ভাৱে জৰিত হৈ বহু স্থানীয় যুৱক যুৱতীয়ে অংশিকভাৱে সংস্থাপিত হোৱাৰ লগতে প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছে।কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এই প্ৰচাৰ মাধ্যময়ে স্থানীয় জনগোষ্ঠীয় লোক কৃষ্টি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ সক্ষম হৈছে। সেই উদ্দেশ্যে প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত নগাঁও খুটিকটীয়াস্থিত আকাশবানী নগাঁৱ কেন্দ্ৰত এটি সুন্দৰ গীত আৰু কবিতাৰ অনুষ্ঠান অনুষ্ঠিত হয়। কেন্দ্ৰৰ মুৰব্বী পল্লৱী কলিতাই এটি শুভেচ্ছামূলক ভাষনেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ প্ৰথমেই আকাশবাণী নগাঁও কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকা সকলে গীতিকাৰ চিদানন্দ দেৱ গোস্বামীৰ ৰচিত এটি সমবেত গীত পৰিবেশন কৰে। তাৰ পাছতেই শব্দৰ গুনজনেৰে গুঞ্জৰিত হয় পূৰবী শইকীয়া, লচি গগৈ, মাধুৰ্য চেতিয়া, পংখী বৰা, চামিম চুলতানা, চিদানন্দ দেৱ গোস্বামী কবিতা আবৃত্তিৰে। অনুষ্ঠানত সংগীতা বৰাই দশঅৱতাৰ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে সুৱাগমনি মহন্ত, প্ৰাঞ্জল শইকীয়া আৰু হিৰুমনি বৰাই গীত পৰিবেশন কৰে। অনুষ্ঠানত কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰক কাৰ্যবাহী গৌতম নাথৰ লগতে কেন্দ্ৰৰ সমূহ বিষয় ববীয়া উপস্থিত থাকে ।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলেয়ে..

Comments (0)
Add Comment