আজিৰ ভাল খবৰ

মাজুলীৰ বিখ্যাত চামগুৰি সত্ৰৰ মুখা শিল্পক সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগ। উল্লেখযোগ্য যে চামগুৰি সত্ৰৰ বিশিষ্ট মুখা শিল্পী হেমচন্দ্ৰ গোস্বামীৰ ভাওনাত ব্যৱহৃত তিনিটা বৰ মুখা নৃতত্ব বিভাগে সংৰক্ষণৰ বাবে লৈ গৈছে। কেৱল গোৱৰ, কুমাৰ মাটি, কাপোৰৰে নিৰ্মাণ কৰা মাজুলীৰ মুখা শিল্প পৃথিৱীৰ ভিতৰতে বিৰল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এনে প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ১৯ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলা ৩ নবেম্বৰৰ পৰা ১৪ নবেম্বৰলৈ অনুষ্ঠিত হ’ব। চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা এই গ্ৰন্থমেলাখনত দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানে যোগদান কৰিব । ইতিমধ্যে বাংলাদেশ , দিল্লী, মুম্বাই, কলিকতা বহু প্ৰতিষ্ঠানে যোগাযোগ কৰিছে। উল্লেখযোগ্য যে গ্ৰন্থমেলাখনৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্য্যসুচী ৰখা হৈছে বুলি এক সংবাদমেল যোগে সংস্থাৰ ফালৰ পৰা জানিবলৈ দিছে।
আনহাতে লখিমপুৰৰ ত্যাগক্ষেত্ৰত আজি আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত হয়। লখিমপুৰ, ধেমাজী আৰু বিশ্বনাথ জিলাৰ ১৩৩৪ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ নামত বঁটা ঘোষণা কৰা হয় যদিও শিক্ষামন্ত্ৰীৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে ২৬০ গৰাকীকহে বঁটা প্ৰদান কৰে। অনুষ্ঠানত মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ আৰ পি শৰ্মা , প্ৰদান বৰুৱাকে আদি কৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
সহযোগ কৰিলে লখিমপুৰৰ পৰা কুশল শইকীয়া আৰু মাজুলীৰ পৰা জ্যোতিষ তামুলীয়ে।
Comments (0)
Add Comment