বাইক ৰেলী অনুষ্ঠিত

অসম গণ পৰিষদ দলে আজি গুৱাহাটীত বাইক ৰেলী অনুষ্ঠিত কৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত দিশপুৰস্থিত অসম বিধান সভাৰ সন্মূখৰ পৰা আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়লৈ উলিওৱা এটা বৃহৎ বাইক ৰেলীত পাঁচ হাজাৰতকৈও অধিক লোকে অংশগ্রহণ কৰে।

এই বাইক ৰেলীৰ নেতৃত্ব দিয়ে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই।ৰেলীটোত অংশগ্রহণ কৰি সভাপতি অতুল বৰাই এইদৰে কয়- গণেশগুৰিৰপৰা আমবাৰীৰ অগপৰ মুখ্য কার্যালয়লৈ উলিওরা এই ৰেলীৰ সময়ছোৱাত ৰাইজৰ স্বতঃস্ফূর্ত সঁহাৰি আৰু বিপুল সমর্থনে পুনৰ যে চৌদিশে এনডিএ-ৰে বিজয় নিচান উৰিব, তাৰেই স্পষ্ট ইংগিত বহন কৰিছে।বৰষুণৰ বাধাৰো নেওচি এই বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰা দলৰ প্ৰতিগৰাকী সতীৰ্থক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লোকসভা নিৰ্বাচন ২০২৪ৰ অন্তিম পৰ্যায়ত আমাৰ ৰাজ্যখন উপনীত হৈছে। অহা ৭ মে’ৰ দিনা তৃতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হ’ব। আপোনালোক সকলোৱে জ্ঞাত যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিচাপে গুৱাহাটী সংসদীয় সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধি, বৰপেটা সংসদীয় সমষ্টিত অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী, কোকৰাঝাৰ সংসদীয় সমষ্টিত ইউপিপিএল দলৰ জয়ন্ত বসুমতাৰী আৰু ধুবুৰী সংসদীয় সমষ্টিত অসম গণ পৰিষদৰ জাবেদ ইছলাম ডাঙৰীয়া অৱতীৰ্ণ হৈছে। বিগত ১০ বছৰৰ এনডিএ চৰকাৰৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নৰ যাত্ৰাক অনাগত দিনবোৰতো অনিৰুদ্ধ কৰি ৰাখিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ শক্তিশালী কৰিব লাগিব। সেয়েহে শান্তি, সমৃদ্ধি, প্ৰগতিৰ বৃহত্তৰ স্বাৰ্থত ৭ মে’ৰ দিনা আপোনালোক সকলোৱে দলে-বলে ওলাই আহক আৰু গুৱাহাটী সংসদীয় সমষ্টিৰ বাবে ইভিএমৰ পদুম ফুলৰ বুটাম, বৰপেটা সংসদীয় সমষ্টিত ইভিএমৰ হাতীৰ চিনৰ বুটাম, কোকৰাঝাৰ সংসদীয় সমষ্টিত ইভিএম-ৰ ট্ৰেক্টৰ চিনৰ বুটাম আৰু ধুবুৰী সংসদীয় সমষ্টিত হাতীৰ চিনৰ বুটাম টিপি এনডিএ-ৰ কেউগৰাকী প্ৰাৰ্থীক আশীৰ্বাদ দিয়ক আৰু শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰোৱাই এনডিএ-ই অনা বিকাশৰ যাত্ৰাত আপোনালোকো সক্ৰিয় অংশীদাৰ হওক।

আনহাতে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৰেলীত অংশগ্রহণ কৰি কয় যে ৰাইজৰ পাৰভঙা উছাহ দেখি আমি নিশ্চিত যে নিৰ্বাচনৰ ফলাফলৰ দিনা আমি জয়ঢোল বজাম। তেওঁ লগতে সকলো ৰাইজক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

Comments (0)
Add Comment