আজি দিনটোৰ খবৰ

আজি দিনটোৰ খবৰ

IMG-20171206-WA0003

ভাৰতবৰ্ষ সংবিধান প্ৰণেতা, সমাজ সংস্কাৰক, শিক্ষাবিধ ড০ ভীমৰাও আম্বেদকাৰৰ আজি মৃত্যু বাৰ্ষিকী। সমগ্ৰ অসমতে জননেতাক স্মৰণ কৰি বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰহণ কৰিছে। মহানগৰীৰ দীঘলী পুখুৰী পাৰত অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাই তেখেতৰ মহাপ্ৰয়াণ দিনটো উদযাপন কৰে। পতাকা উত্তোলনৰে কাৰ্য্যসূচী আৰম্ভ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা দেখা যায়। ইয়াৰ সমান্তৰালভাবে মুকলি সভা অনুষ্ঠিত হয়। এই মুকলি সভাৰ বিভিন্ন বিভাগৰ বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহণ কৰি বক্তব্য ৰাখে। অনুসূচিত জাতিৰ পাপ্য আৰু মৰ্য্যাদাৰ প্ৰসংগত বক্তব্য ৰাখি সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰীয়ে কয় যে অনুসূচিত জাতি আৰু জনজাতিৰ বাবে আইন প্ৰায় একেই। ড০ আম্বেদকাৰে যদি অনুসূচিত জাতিৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা নকৰিলেহেতেন আজি এই অৱস্থাত উপনীত হ’ব নোৱাৰিলোহেতেন!

IMG-20171206-WA0004

বহুক্ষেত্ৰত আমাৰ সুবিধা আছে যদিও আমি সঠিকভাবে নজনাৰ ফলত বহুসময়ত সুবিধাৰ পৰা বঞ্চিত হও। সেয়েহে সকলোৱে একতাৰে আগবাঢ়িব লাগিব। উল্লেখ্য যে, এই অনুষ্ঠানত পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গিৰিন্দ্ৰ দাসক “বাবা চাহেব বঁটাৰে” সন্মানিত কৰা হয়। আনহাতে শিল্পী কলা-কুশলী তথা বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে পাৰদৰ্শিতা আগবঢ়োৱা সকলক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছে Celebridgeয়ে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদ মেলত এই কথা সদৰি কৰে এম মণিৰামে। সম্পূৰ্ণ ব্যৱসায়িক ধাৰণাৰে জন্ম লাভ কৰা Celebridge নামৰ Portal টো কালি হোটেল লেণ্ড মাৰ্কত আনুষ্ঠানিকভাৱে মুকলি হয়। জানিব পৰা মতে Celebridge ত সকলো Celebrityৰ জীৱন পঞ্জী সন্নিবিষ্ট থাকিব।

Comments (0)
Add Comment