আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন

আজি আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস।বিশ্বৰ চাহ উদ্যোগৰ প্ৰসাৰৰ বাবে এই আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয়। চাহ দিৱসৰ উপলক্ষে  আজি সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ সম্পাদক তথা বিশিষ্ট জৈৱিক চাহ খেতিয়ক অচ্যু প্ৰসাদ গগৈয়ে তেখেতৰ পুঞ্জয় অৰ্গেনিকৰ উদ্যোগত বিনামুলীয়াভাৱে প্ৰায় ৫০ হেজাৰ মূল্যৰ জৈৱিক চাহৰ পেকেট বিতৰণ কৰে।
 
 
 
আনহাতে আজি চাহ দিৱসৰ লগত সংগতি ৰাখি জৈৱিক চাহৰ লগতে বিনামুলীয়াকৈ মাস্ক ক্ষুদ্ৰ চাহ খেতিয়কজনে বিতৰণ কৰে।জৈৱিক চাহ বিতৰণৰ কাৰ্যসূচী মুকলি কৰে পূব যোৰহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সাধনা কাথাপিয়ে।বিশ্ব চাহ দিৱসৰ দিনাই ক্ষুদ্ৰ চাহ খেতিয়কজনে পুঞ্জয় অৰ্গেনিকৰ এটা থিম চং মুকলি কৰে যোৰহাটস্থিত টি বৰ্ডৰ সহকাৰী সঞ্চালক ৰিতুৰাজ হাজৰিকাই।
 
আনহাতে অতিথি সকলক গামোচাৰ পৰিবৰ্তে চাহ পাতৰ কুঁহি পাতে তৈয়াৰ কৰা একোডাল মালাৰে সম্বৰ্ধনা জনায়। ক’ৰণা ভাইৰাচৰ সংক্ৰমণ সময়ত জৈৱিক চাহ সেৱনৰ জৰিয়তে মানৱ জাতিয়ে নিজৰ দেহৰ প্ৰতিৰোধ শক্তি বৃদ্ধিত সহায়ক হ’ব বুলি মত প্ৰকাশ কৰিছে খেতিয়ক অচ্যুপ্ৰসাদ গগৈয়ে।
খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Comments (0)
Add Comment