গুৱাহাটীৰ নিকটৱৰ্তী আমিনগাঁৱত অহা ৩১ মাহৰ ভিতৰত নেছনেল ইনফমেটিকছ চেণ্টাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ স্থাপন হ’ব।এই বৃহৎ পদক্ষেপৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰটোৰ বাবে ৪৩,২০০ বৰ্গফুট মাটিৰ আবন্টন কৰিছে।
অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগীয়া ৩৫০ কোটি টকা বাজেটৰ এই তথ্য কেন্দ্ৰটিৰ ভূমিপূজনৰ অনুষ্ঠান কিছুদিনৰ ভিতৰতেই আয়োজিত হ’ব।এই ভূমিপূজন অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ,কেন্দ্ৰ চৰকাৰৰ ৰাজ্যিক শিক্ষা মন্ত্ৰী সঞ্জয় ধোতৰেকে ধৰি অসমৰ মুখ্যমন্ত্ৰীৰ লগতে কেবাগৰাকীও কেবিনেট মন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে।
আশা কৰা হৈছে যে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰটোৱে উত্তৰ-পূবত ডিজিটেল আন্তঃগাঁঠনি অধিক সুদৃঢ় কৰি তুলিব। উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ ডিজিটেল পদক্ষেপ সমূহ কেন্দ্ৰস্থল হিচাপে কাম কৰাৰ লগতে কেন্দ্ৰটোৱে ই-গভানেন্স,জিও-স্পেটিয়েল এপ্লিকেশ্যন আৰু অন্যান্য কাম-কাজৰ বাবে প্ৰয়োজনীয় সমলো যোগান ধৰিব।
আমিনগাঁৱত শীঘ্ৰে স্থাপন কৰা হ’ব ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ
