আলংকাৰিক মৎস্য উৎপাদনেৰে স্বাৱলম্বীতাৰ পথত খোজ পেলাইছে গোৱালপাৰাৰ এখন গাঁৱে

আমাৰ থলুৱা মাছৰো আছে বিশ্ব বজাৰৰ দখল কৰিব পৰা ক্ষমতা।থলুৱা খাল বিল,পুখুৰীত পোৱা পুঠী,দৰিকনা হ’ব পাৰে আলংকাৰিক মাছ।থলুৱা আংলকাৰিক মাছৰ গুৰুত্ব আৰু ইয়াৰ ব্যৱসায় পৰিসৰ বুজি আৰম্ভ কৰিছে গোৱালপাৰা এহাল দম্পতীয়ে থলুৱা মাছৰ ব্যৱসায়।গোৱালপাৰা কৃষ্ণাই ভেলাখামাৰ গাঁওৰ বিমল ৰায় আৰু প্ৰমীলা ৰায়ে ২০০৪ চনৰ পৰাই আলংকাৰিক মাছ ব্যৱসায় আৰম্ভ কৰিছে।প্ৰথম অৱস্থাত গ্ৰাহকৰ পৰা সিমান সঁহাৰি পোৱা নাছিল যদিও বৰ্তমান সময়ত মীন বিভাগৰ সহযোগিতাত তেওঁলোকে মাছ উৎপাদনৰ বাবে অগ্ৰসৰ হৈছে।শেহতীয়াকৈ তেখেতৰ লগত সংগ দিছে অঞ্চলটোৰ ২৬ গৰাকী মহিলাই৷ শেহতীয়াকৈ ক’ভিড কেন্দ্ৰিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ব্যৱসায় কিছু পৰিমাণে স্থগিত হৈ পৰিছে যদিও আশাশত হোৱা নাই এই ব্যৱসায় লগত জড়িত সমূহ
সমূহ জনসাধাৰণ।

Comments (0)
Add Comment