ইতিহাসত আজিৰ দিনটো

অসমৰ ইতিহাসত আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ দিন। কিয়নো আজিৰ দিনটোত উদ্বোধন হ’ল ভাৰতৰ এখন দীৰ্ঘতম দলং ধলা শদিয়া দলং। উল্লেখযোগ্য যে এই দলংখন সুধাকণ্ঠ ড ভূপেন হাজৰিকাৰ মহাসেতু নামেৰে নামাকৰণ কৰা হয়। দ্বিতীয়তে কৃষি খণ্ডলৈ এক গুৰুত্বপূৰ্ণ বাৰ্ত্তা কঢ়িয়াইছে গোগামুখত ৰাষ্ট্ৰীয় কৃষি গবেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপনে, তৃতীয়তে এইমছৰ শুভাৰম্ভই স্বাস্থ্যখণ্ডলৈ আশাৰ বতৰা কঢ়িয়াইছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় বৰ্ষপুৰ্তি আৰু ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্ষপুৰ্তিৰ উপলক্ষ্যে সংগতি ৰাখি এনেধৰণৰ কাৰ্য্যসুচী গ্ৰহণ কৰা দেখা যায়। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মোদীয়ে ধলা শদিয়াৰ দলং মুকলি কৰি কয় জনগণৰ বহুদিনীয়া সপোন পুৰণ হৈছে। দুখন ৰাজ্যৰ মাজত বাণিজ্যিক, পৰ্যটন সকলো ক্ষেত্ৰত উন্নয়নৰ আশা কৰিব পাৰি। বিশেষকৈ শদিয়াৰ আদা ব্যৱসায়ে বৰ্হি বাণিজ্যৰ ক্ষেত্ৰত এক পথ বিচাৰি পাব বুলি সদৰি কৰে। উল্লেখযোগ্য যে ধলা শদিয়াৰ দলংখন ভাৰতবৰ্ষৰ অন্যতম দীৰ্ঘতম দলং।

আগন্তুক দিনত আৰু ৩ খন দলং নিৰ্মাণ কথা ঘোষণা কৰে। ২০১৯ চনৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন গাও পকী পথৰে ৯০০০ কি মিটাৰ সংযোগ কৰা হ’ব।

যুৱ শক্তিৰ দক্ষতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰাৰ লগতে সৰু সৰু মানুহৰ বাবে অনাগত দিনত ডাঙৰ ডাঙৰ কাম কৰিম বুলি মন্তব্য কৰে।

এয়া আছিল আজিৰ দিনটোৰ কেইটামান ইতিবাচক খবৰ।

Comments (0)
Add Comment