এক ব্যতিক্ৰম অনুষ্ঠান

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে আজি আয়োজন কৰে এক বিশেষ অনুষ্ঠান৷ Vital voice শীৰ্ষক এটা সংগঠনৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত প্ৰায় ১৫ গৰাকী বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত মহিলাই উদ্যমী সকলক সকাহ যোগোৱাৰ অৰ্থে পৰিচালকৰ ভূমিকাত অৱতীৰ্ণ হয়।

উল্লেখযোগ্য যে Vital voice হ’ল ৱাচিংটনৰ এনে এটা সংগঠন, যি সংগঠনটোৱে মহিলা সকলৰ সবলীকৰণৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে৷ আমালৈ প্ৰেৰণ কৰা খবৰ অনুসৰি Vital voice ইতিমধ্যে ৬০ খন দেশত এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে৷

Comments (0)
Add Comment