এক ব্যতিক্ৰম অনুষ্ঠান

সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা বিলালে অসমৰ অতি পিছপৰা অঞ্চল বকোৰ মৰাকলহী আয়োজিত এক অনুষ্ঠানে। বেচৰকাৰী সংস্থা ইম্পেচনৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এক সাংস্কৃতিক সমাৰোহ। সমাৰোহখনৰ লগত সংগতি ৰাখি শংকৰদেৱ আৰু আজান ফকৰিৰ সমন্বয়ৰ সম্পৰ্কে আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত বিভিন্ন ক্ষেত্ৰত বিশিষ্ট  ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। লগতে সদৌ অসম ভিত্তিত বৰগীত, জিকিৰ জাৰীৰ প্ৰতিযোগীতা অনুষ্ঠিত হয়। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীসকলে প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰে।

Comments (0)
Add Comment