এগৰাকী শিক্ষকৰ আদৰ্শনীয় কাম কাজ

এগৰাকী শিক্ষকৰ আদৰ্শনীয় কাম কাজ

কামৰূপ গ্ৰাম্য জিলাৰ চানডুবি পাৰ্শ্বৱৰ্তী লোহাৰঘাট সমলকেন্দ্ৰ ৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত নৱাগাঁও গড়াখহনীয়া প্ৰাথমিক বিদ্যালয়খনৰ এজন প্ৰতিভাৱান প্ৰধান শিক্ষকৰ ব্যতিক্ৰমী পদক্ষেপে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। শিক্ষকতাৰ উপৰিও নিজৰ কৰ্ম-দক্ষতাৰেই তেওঁ এতিয়া উজ্জ্বলি উঠিছে নিজৰ অঞ্চলটোৰ লগতে বিভিন্ন ঠাইত।

WhatsApp Image 2017-10-19 at 9.42.19 PM

এগৰাকী চৰকাৰী শিক্ষক হৈয়ো পেলনীয়া সামগ্ৰীৰে তেওঁ নিৰ্মাণ কৰি উলিয়াইছে বহুতো আকৰ্ষণীয় প্ৰতিকী ফল-মূল, পাচলি, খেতিৰ বাবে ব্যৱহৃত সা-সজুঁলি লগতে ভিন্ন ধৰণৰ চৰাই। অকল এয়াই নহয়, এই শিক্ষক জনে অসমৰ বহু বিশিষ্ট ব্যক্তিৰ ফটোসহ কৰ্মজীৱনৰ তথ্য ও সংগ্ৰহ কৰি নিজ স্কুলৰ ছাত্ৰ-ছাত্ৰীক এই সম্পৰ্কে জ্ঞান দি আহিছে। নাৰায়ণপুৰৰ বিজয় চন্দ্ৰ দাস নামৰ ব্যক্তি জনে পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীবোৰ অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিছে। শিক্ষকতাৰ উপৰিও দাসৰ এনে কৰ্মৰ বাবে আদৰ্শ হৈ পৰিছে। নিজৰ এই প্ৰতিভাৰ বাবে আনকি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সম্মান লাভ কৰিবলৈ সক্ষম হৈছে।

জীতুমণী দাস

Comments (1)
Add Comment
  • ললিত হাজৰিকা

    ভাল হৈছে।আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা থাকিল।