এটা পৰিয়ালৰ অভিনৱ প্ৰচেষ্টা, ক’ভিড ৰোগীক বিনামূলীয়াকৈ আহাৰ যোগান ধৰিছে

এটা ফেচবুক পোষ্ট, পোষ্টটোত লিখা হৈছিল মঙ্গলদৈ চহৰৰ কোনো ক’ভিড আক্ৰান্ত পৰিয়ালক যদি খাদ্য লাগে বিনামূলীয়াকৈ যোগান ধৰা হ’ব। এই ফেচবুক পোষ্টটো কৰা হৈছিল ৪ মে’ত। ফেচবুকত এই পোষ্টটো‌ আপডেট দিছিল মঙ্গলদৈৰ সোমা দে’ নামৰ এগৰাকী মহিলাই। সেই পোষ্টৰ‌ আঁত ধৰিয়ে বিভিন্ন জনে সোমা দে’ হাজৰিকাক যোগাযোগ কৰাত তেখেতে বিনামূলীয়াকৈ খাদ্য যোগান ধৰি আহিছে। এই ক্ষেত্ৰত তেখেতৰ স্বামী কংকণ হাজৰিকাৰ লগতে দুই সন্তানে সহযোগ কৰিছে। উল্লেখযোগ্য যে, সোমা দে’হাজৰিকা মঙ্গলদৈ সংস্কৃতি জুনিয়ৰ কলেজৰ আৰু ডি এল এড ষ্টাডী চেণ্টাৰৰ সঞ্চালিকা। এই পৰিয়ালটোৱে যোৱা বছৰৰ ক’ভিডৰ সময়তো বিভিন্ন জনক সহায়ৰ হাত আগবঢ়াইছে। সোমা দে’ হাজৰিকাৰ এনে কৰ্মৰ বাবে বহুতে প্ৰশংসা কৰিছে।

Comments (0)
Add Comment