এন আৰ এলে বি এছ VI গ্ৰেডৰ বাহনৰ ইন্ধন যোগান আৰম্ভ কৰিছে

এন আৰ এলে বি এছ VI গ্ৰেডৰ বাহনৰ ইন্ধন যোগান আৰম্ভ কৰিছে

নুমলীগড় শোধনাগাৰ লিমিটেডে উত্তৰ পূৰ্বাঞ্চল সম্বন্ধিতে সকলো বজাৰতে নিজৰ শোধানাগাৰৰ পৰা ভাৰত ষ্টেজ ( বি এছ ) VI গ্ৰেডৰ মটৰ স্পিৰিট ( পেট্ৰল ) আৰু হাই স্পীড ডিজেল ( ডিজেল ) ৰ যোগান আৰম্ভ কৰিছে ৷
এন আৰ এল শিলিগুৰি মাৰ্কেটিং টাৰ্মিনেলৰ পৰা বি এছ VI গ্ৰেডৰ যোগানৰ প্ৰক্ৰিয়া যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছে ৷ আনহাতে কোম্পানীটোৰ নুমলীগড়স্থিত মাৰ্কেটিং টাৰ্মিনেলৰ পৰা বি এছ VI গ্ৰেডৰ বাহন ইন্ধন প্ৰক্ৰিয়া যোৱা ৮ ফেব্ৰুৱাৰী পৰা আৰম্ভ কৰা হৈছে ৷
এন আৰ এল ২০১৮ বৰ্ষত প্ৰায় ১০০০ কোটি টকা ব্যয়সাপেক্ষে এক ডিজেল হাইড্ৰ ট্ৰিটাৰ ( ডি এইচ ডি টি ) প্লেণ্ট হাতত লৈছিল ৷ এই প্লেণ্ট বি এছ VI গ্ৰেডৰ ডিজেল উৎপন্ন কৰিবলৈ সক্ষম ৷ পেট্ৰলৰ বি এছ VI বিশেষত্ব পূৰণ কৰাৰ উদ্দেশ্যে মটৰ স্পিৰিট প্লেণ্ট উন্নতকৰণৰ বাবে অলপতে এন আৰ এলে প্ৰায় ১২৫ কোটি টকা বিনিয়োগ কৰে , যিটো জানুৱাৰী ২০২০ তে কাৰ্য্যকৰী কৰা হৈছে ৷ ইয়াৰ উপৰিও ৩ এম এম টি এ ৰ পৰা ৯ এম এম টি পি এলৈ প্ৰসাৰণ পৰিকল্পনা অনুযায়ী অগ্ৰসৰ হোৱা শোধানাগাৰটো ইয়াৰ নতুন উন্নত প্ৰযুক্তি সম্পন্ন সুবিধাসমূহৰ মাধ্যমেৰে বি এছ VI বিশেষযুক্ত ইন্ধন উৎপন্ন কৰিবলৈ বিশেষভাৱে কনফিগাৰ কৰি তোলা হৈছে ৷
৫০ পি পি এমৰ ছালফাৰ বিশেষত্বৰে দেশত ব্যৱহাৰ কৰি থকা বাহন ইন্ধন বি এছ VI গ্ৰেডৰ তুলনাত বাহন ইন্ধন বি এছ VI গ্ৰেডৰ ১০ পি পি এম অধিক কঠিন ছালফাৰ থাকে ৷ এন আৰ এলে ইয়াৰ সংগৃহিত সকলো উৎপাদন কোম্পানীটোৰ বিপনন টাৰ্মিনেলক আল্টা ক্লিন ইন্ধনলৈ পৰিৱৰ্তন কৰিবৰ বাবে অক্টোবৰ ২০১৯ ৰ প্ৰক্ৰিয়া আৰম্ভ কৰি বাহন ইন্ধন বি এছ VI গ্ৰেডৰ উৎপাদন আৰম্ভ কৰিছে ৷
উল্লেখ্য আমাৰ দেশত বৰ্তমানৰ বি এছ VI গ্ৰেডৰ সলনি ইৰো গ্ৰেড ইন্ধনৰ সমান ধোঁৱা নিৰ্গত কৰি বি এছ VI গ্ৰেডৰ ব্যৱহাৰ ১ এপ্ৰিল ২০২০ ৰ পৰা হ’ব ৷ এই পৰিপ্ৰেক্ষিতত এন আৰ এলে কোম্পানীটোৰ পৰা ইন্ধন ক্ৰয় কৰা তেল বিপনন কোম্পানীসমূহক মটৰ বাহনৰ আল্টা ক্লীন ইন্ধন ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে ৷

Comments (0)
Add Comment